চাকৰি নকৰাকৈ গাৱত খেতি কৰি খাই থাকে, অনেক মানুহে তেওঁক কাছাৰীত এটা ক্ষুদ্ৰ কাম কৰা মানুহৰ সমানে আদৰ নকৰে। এতেকে সকলোৱেই খেতিক দিন কৰি টকাচেৰেক ৰূপৰ কাৰণে আপোনাৰ স্বাধীনতাকে বিকিবলৈ ওলায, আৰু তাকে কবিব পাৰিলে আপোনাক কৃতকাৰ্য্য মানে৷ যেতিয়ালৈকে আমাৰ দেশৰ মানুহৰ এই ভ্ৰম নুগুচে, তেতিয়ালৈকে এই দেশব কুশন নহব।
ওপৰত দেখোৱা গৈছে যে কৃষিৰ দ্বাৰা মানুহৰ জীবন ৰাখিবৰ উপায় অন্ন আৰু বস্তুৰ উৎপত্তি হয, কিন্তু বানিজ্য নহা এজনে উৎপন্ন কৰা অন্ন আৰু বস্ত্ৰ আন এজনে নেপাব। আৰু এই কথা সহজেই বুজিব পাৰি যে, পৃথিবীৰ প্ৰত্যেক মানুহ খেতিত নিযুক্ত হব নোৱাৰে, আৰু সকলো মানুহ খেতিত আবদ্ধ হৈ থাকিলে সমাজৰ হিতৰ নিমিত্তে আন আন যিবিলাক কাৰ্য্যৰ আৱশ্যক, সেইবিলাক কৰোতা নথকাৰ গুণে মানুহবিলাকৰ সুখ-শান্তি নহয়৷ ৰাজ্যৰ শাসন, বিদ্যাশিক্ষা আৰু শিল্প-কৰ্ম্ম আদি নিযুক্ত থকা মানুহবিলাকৰ খেতি কৰিবলৈ আজৰি নাই; এতেকে বানিজ্যৰ আভাৰ হোৱাহলে তেওবিলাক ভাত কাপোৰৰ দুখত পৰি নিজ নিজ কায্য চলাব নোৱাৰাৰ কাৰণে সমাজৰ বৰ অনিষ্ট হলহেতেন। আৰু এঠাইত উৎপন্ন খেতিৰ বস্তুবিলাক উৎপন্ন হোৱা ঠাইতে দৌলায়মান হৈ থাকি আন ঠাইৰ মানুহৰ অপ্ৰাপ্য হোৱাত যত মাটিপানী আদিৰ অবস্থাৰ প্ৰভেদৰ কাৰণে যি শস্যৰ উৎপত্তি হয়, সেই ঠাইৰ মানুহ তাৰ ভোগৰপৰা বঞ্চিত, আৰু সেই শস্য অৰ্জা মানুহবিলাকে তাৰ অতিৰিক্ত ভাগ বেচি ধন উপাৰ্জ্জন কৰিব নোৱাৰা হলহেঁতেন। আৰু যদিও খেতি অতি উত্তম কায্য, তথাপি তাৰ পৰা উৎপন্ন বস্তুৰ দ্বাৰাযে আমাৰ সকলো অভাব পূৰ নহয়, আমাৰ সুখ বৃদ্ধিৰ কাৰণে আন অনেক বস্তু লাগে। বানিজ্য নথকা হলে যিলোকে সেইবিলাক আপুনি যুগুত কৰিব নোৱাৰে, তেওঁ অৱশ্যে কষ্ট পালে হেতেন।
বেহাৰ দ্বাৰা বিদেশত হোৱা অনেক বস্তু আমি পাওহক , ইয়াৰদ্বাৰাও আমাৰ সুখ বাঢ়ে। বানিজ্যৰ অভাৱ হোৱা হলে সেইবিলাক বস্তু পাব নোৱাৰাত আমি সেই পৰিমাণে সুখৰপৰা বঞ্চিত হলোহকহেতেন। বিশেষ এজনে অৰ্জা বস্তু আন এজনে পাবৰ ঘাই উপায় ধন , এতেকে ধন নহলে মানুহ বৰ দুখত পৰে। বাণিজ্যৰ দ্বাৰা সেই ধনৰো বৃদ্ধি হৈ মানুহ সুখী হয়। আমাৰ নীতিশাস্ত্ৰে কয় যে,( বানিজ্যে বসতে লক্ষ্মী ) বেপাৰতে লক্ষীৰ নিবাস। এতেকে জনসমাজৰ উন্নতি
২৪