পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৪
অসমীয়া সাহিত্যৰ চানেকি।

আৰু তেনে লোকে দুটা-মান খোজ কাঢ়িলেই ঘামি, ফোঁপাই বিতত হয়, আৰু সদায় গা বেয়া বুলি কয়; কিন্তু হাল কোৰ বাই ফুৰা চহাৰ গা আটিল লঘু আৰু নিৰোগী। এই কাৰনে অন্নবস্ত্ৰৰ উপাৰ্জ্জন কৰিবৰ নিমিত্তে পৰিশ্ৰম কৰা আন কি? নাঙ্গলৰ খুটিত ধৰাও একো লাজৰ বা নিন্দাৰ কথা নহয়, বৰং স্বাধীনতাক জলাঞ্জলি দি লোকৰ চাকৰ হৈ জীবিকা কৰাতকৈ এশ গুণে উত্তম আৰু প্ৰশংসনীয়।


_____


কৃষি, বাণিজ্য আৰু অন্যান্য ব্যৱসায়।

(Agriculture, Trade and other occupations).


 মানুহৰ জীৱন ৰাখিবৰ উপায় আহাৰ। খেতিৰ দ্বাৰা সেই আহাৰ উৎপন্ন হয়। শৰীৰৰ নিমিত্তে আহাৰ যেনে, কাপোৰো তেনে প্ৰয়োজনীয়। সেই কাপোৰ ঘাইকৈ কপাহৰ পৰা হয়, কপাহো খেতিৰ বস্তু। যি খেতিৰ পৰা মানুহৰ অন্নবস্ত্ৰৰ উৎপত্তি হয়, আৰু যাৰ অভাৱত এই দুই ঘাই বস্তুৰ অভাৱ হৈ মানুহৰ প্ৰাণৰক্ষা টান হয়, সিনো কিমান প্ৰধান কাৰ্য্য, তাক কৈ ওৰ পেলাব নোৱাৰি। আমি দেখিছো, কোনো ঠাইত দৈবাৎ একে লালীয়ে দুবছৰ খেতি নহলে তাত আকাল হৈ হেজাৰ হেজাৰ প্ৰাণী যমৰ ঘৰলৈ যায়; এতেকে খেতিয়েই মানুহৰ জীৱন ৰক্ষাৰ ঘাই উপায়। পৰ্ব্বতৰ সমান সোণ থাকিলেও অন্ন নহলে মানুহৰ প্ৰাণ নৰয়। যদি পৃথিবীৰ সকলো মানুহে খেতি কৰিবলৈ এৰে, তেন্তে অন্নৰ অভাৱত একে দিনায় পৃথিবী নিৰ্জ্জন হব। খেতিয়ে মানুহৰ প্ৰাণ ৰাখে অকল সেয়ে নহয়, মানুহক সভ্যও কৰে। যেতিয়া মানুহে খেতি কৰিব নেজানিছিল, তেতিয়া তেও কেঁচা মঙ্গহ আৰু অপুনি হোৱা ফল মূল, মাথোন খাই আৰু পহুৰ ছালেৰে গা ঢাকি বনৰীয়া জন্তুৰ দৰে হাবিত বাস কৰিছিল। পাচত—খেতি কৰি অন্ন উপাৰ্জ্জন কৰিবলৈ শিকিবৰ পৰাহে সভ্যতাই মানুহৰ লগ ললে। আৰু খেতিৰ উন্নতিৰ লগে-লগে সভ্যতাও বাঢ়ি আহিল; এতেকে খেতিয়েই মানুহৰ ঘাই কাৰ্য্য। সেই খেতিলৈ আওহেলা, বা তাক হীন কাম বুলি ঘিন কৰা মুৰ্খতাৰ চিন। আমাৰ দেশৰ মানুহৰ কেনে দুবুৰ্দ্ধি! যি লোকে