পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৩
পাঠ-মালা।

দ্বাৰা বন্ধিত হোৱা যি মন বুদ্ধি পাইছে, তাৰ দ্বাৰায় তেওৰ সকলো ভাব দূৰ হয়। অন্ন-বস্ত্ৰাদি আৱশ্যকীয বস্তুৰ উপাৰ্জ্জনৰ নিমিত্তে যত্ন কৰোঁতেই মন বুদ্ধি পৰিচালিত আৰু তীক্ষ্ণ হৈ মানুহ সকলো জন্তুতকৈ শ্ৰেষ্ট হৈছে, আৰু ইন্দ্ৰিয়বিলাকক বশ কৰি সিহঁতৰ দ্বাৰা আপোনাৰ কাম কৰাই লৈছে। মানুহৰ লাগতিয়াল বস্তুবিলাক পৰিশ্ৰমৰ দ্বাৰা উৎপন্ন কৰিব লগীয়া নহৈ অন্যান্য জন্তুৰ দৰে অনায়াসে পাব পৰা হোৱা হলে তেওৰ বুদ্ধি ইমান চোকা নহল হেঁতেন; এতেকে পৰিশ্ৰমেই মানুহক ইতৰ জতকৈ শ্ৰেষ্ঠ কৰিছে। এনে পৰিশমক দুঃখদায়ক বা ঘৃনাৰ বিষয় বুলি ভবা বৰ ভ্ৰমৰ কথা। যি পৰিশ্ৰমৰ দ্বাৰা আমাৰ জীৱনৰ উপায ভাত কাপোৰ অৰ্জা যায়, আৰু যাৰ অভাৱত আমি মনুষ্য হৈ থাকিব—আন কি জীৱনকে ৰাখিব নোৱাৰোহঁক সেই পৰিশ্ৰমলৈ ঘিণ কৰাতকৈ, আৰু যিবোৰ মানুহে আমাৰ প্ৰাণ ৰক্ষাৰ নিমিত্তে অন্ন বস্ত্ৰ আৰ্জিবলৈ পৰিশ্ৰম কবে, সেই বিলাকক তুচ্ছ ভবাতকৈ আৰু ডাঙ্গৰ ভ্ৰম কি আছে?

 স্বৰূপাৰ্থত গোটেই এলেহুৱা, অকামিলা আৰু অসাঠন কিছুমান মানুহত বাজে প্ৰায় সকলোৱে কোনো এক প্ৰকাৰৰ পৰিশ্ৰম কৰে। খেতিয়কে খেতি কৰি সকলোকে আহাৰ যোগাইছে, তাঁতিযে কাপোৰ বৈ মানুহৰ শৰীৰ ঢাকিছে, আন শিল্পকাৰকে আমাৰ প্ৰযোজনীয় নানা বিধব শিল্প কৰ্ম্ম কৰি আমাৰ অভাৱ গুচাইছে, আৰু সুখ বঢ়াইছে; গ্ৰন্থ কৰ্ত্তাই আপোনাৰ মস্তিস্ক ঘাটি অনেক প্ৰকাৰৰ জ্ঞানৰ বা আমোদৰ পুথি লিখি আমাৰ জ্ঞান বৰ্দ্ধিত কৰিছে; আৰু আমাক আনন্দ দিছে; ৰজাই আৰু তেওঁৰ বিষয়াবিলাকে দুষ্টৰ দমন, শিষ্টৰ পালন কৰি ৰাজ্য সুথিলকে ৰাখিছে। এই বিলাকৰ ভিতৰত এজনে পৰিশ্ৰম কৰিবলৈ হেলা কৰা হলেও পৃথিবীৰ এনে উন্নত অৱস্থা হওক ছাৰি, মানুহৰ মহা কষ্ট হল হেতেন। কিন্তু যি পৰিশ্ৰমৰ দ্বাৰা জীৱনৰ উপায় অন্ন বস্ত্ৰ উৎপন্ন হয়, সি সকলোতকৈ শ্ৰেষ্ঠ আৰু আৱশ্যকীয় আৰু যি লোকে সেই দুই বস্তু উৎপন্ন কৰিবলৈ পৰিশ্ৰম কৰে, তেওঁ সমাজৰ বৰ উপকাৰী আৰু প্ৰয়োজনীয় অঙ্গ৷ এতেকে নাঙ্গলৰ খুটিত ধৰি যি খেতি কৰে, তেওঁ লাখপতি বৰলোকতকৈ অধিক আদৰৰ যোগ্য, আৰু সকলোৰে কৃতজ্ঞতাৰ পাত্ৰ।

 পৰিশ্ৰমৰ পৰা আমাক লগা বস্তুবিলাক উৎপন্ন হয়, অকল সেয়ে নহয়, তাৰ দ্বাৰা শৰীৰ সঞ্চালিত হৈ দৃঢ় আৰু বলিষ্ঠ হয়, মনো প্ৰফুল্ল থাকে। ঘৰৰ ভিতৰত বৰ গাৰুত আঁউজি বহি থকা বৰলোকৰ গাটোৱেই মহা ভাৰ,