দুখ উপশম কৰিবৰ নিমিত্তে দয়া মোনাৰ মূৰ মেলা। তোমাৰ পৰিয়াল আৰু আশ্ৰিত লোকৰ প্ৰতিও সদয় হোৱা আৰু সিবিলাকক পোহ পাল দি সুখেৰে ৰখা উচিত, কিয়নো সিবিলাকৰ তোমাতে সৰ্ব্ব ভাৰসা, তুমি সিবিলাকৰ প্ৰতিও সদয় হবা।
মানুহৰ কথাকে নকওঁ, ইতব জন্তুৰ প্ৰতিও সদয় ব্যৱহাৰ কৰিব লাগে। মানুহৰ দৰে সিহতৰো সুখ দুখ বুজিবৰ শক্তি আছে, আৰু সিহঁতে সুখ দুখ প্ৰকাশ কৰিবও পাৰে। লৰাই চৰাইৰ ঠেঙ্গত জৰী লগাই টানিলে সি যে চেঁ চেঁ কৰি আটাহ পাৰে, তাৰ দ্বাৰা সি কি বুজায? সি যে লৰাৰ সেই কাম্যৰ দ্বাৰা দুখ পাইছে, তাকে মাথোন কৈ তাক এৰি দিবলৈ কাকুতি কৰে। তেনে অৱস্থাত পৰিলে লৰা বা ডাঙ্গৰ মানুহেও কাকুতি কৰে কিন্তু সি মানুহৰ দৰে পষ্ট মাতেৰে সেই কথা ব্যক্ত কৰিব নোৱাৰে, এই মাত্ৰ প্ৰভেদ। সেই দৰেই আন কোনো জন্তুকো আমি দুখ দিলে বা সি আহাৰ নেপালে নিজ মাতেৰে তাৰ দুখ আমাক জনায়, তেতিযা আমি তাৰ প্ৰতি আওকান নকৰি তাৰ দুখ গুচাব, বা তাক আহাৰ দিব লাগে , কিয়নো আমি তাতকৈ জ্ঞানী, আৰু সি আমাৰ অধীন, এতেকে আমি তাৰ দুখ বুজি দয়া নকৰিলে তাৰ উপায় নাই। তাৰ যে মানুহৰ সমান জ্ঞান আৰু পষ্ট মাতেৰে নিজ দুখ জনাব শক্তি নাই, এই বাবেই আমি আৰু অধিকৰূপে তাৰ প্ৰতি সদয হোৱা উচিত; কিযনো তেনে শক্তি থকা হলে সি আমাৰ সমান হলহেঁতেন সেই শক্তি নথকা হেতু সি আমাতকৈ নিকৃষ্ট, আৰু সি আমাৰ সমনীয়াতকৈ অধিক দয়াৰ পাত্ৰ। এতেকে তুমি কোনো জন্তুৰ প্ৰতি নিষ্ঠৰ আচৰণ নকৰিবা, কিন্তু সকলোৰে দুখত পুতৌ কৰিবা।
____
পৰিশ্ৰমৰ সুগুণ।
(Good effects of diligence)
মানুহে চৰাই-পহু-আদি সামান্য জন্তুৰ দৰে অনায়াসে আহাৰ নেপায়, আৰু তেওঁৰ গাৰ আচ্ছাদন স্বভাৱ জাত নহয়; এতেকে জীৱন ৰাখিবৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় অন্ন আৰু বস্ত্ৰ, দুইকো পৰিশ্ৰমৰ দ্বাৰা উৎপন্ন কৰিব লাগে। এই কথাত ইতৰ প্ৰাণীতকৈ মানুহৰ অৱস্থা নিকৃষ্ট। কিন্তু মানুহে অভ্যাস আৰু যত্নৰ