মিঠা আৰু সদয় ব্যৱহাৰ।
(Sweet words and well behaviour)
সকলোকে মিঠা মুখেৰে মাতিব লাগে। কৰ্কশ মাত কেৱে ভাল নেপায়; মিঠা কথাই হলে সকলোকে বশ কৰে। আমাৰ শ্ৰেষ্ঠ কি সমনীযা মানুহৰ কথাকে নকওঁ, আমাতকৈ নিহ মানুহকো সাদৰেৰে কথা কোৱাত একো হানি নহয়, বৰং তাৰ বাবে আমি প্ৰশংসা হে পাওহঁক। কিন্তু বৰ ডাঙ্গৰ লোকৰো আনক কটু কথা কোৱা অভ্যাস হলে তেওঁ আটাইৰে অপ্ৰিয় হয়। সকলো মানুহ একে জাতিৰ জীৱ, কেৱল কোনো বিশেষ কাৰণৰ নিমিত্তে অৱস্থাৰ হীন-ডেঢ়ি হয, এই মাত্ৰ প্ৰভেদ; এতেকে যি যেনে অৱস্থাৰ মানুহ, তেওঁক তেনে অৱস্থাৰ উপযুক্ত সম্বোধন কৰি মতাটো ভদ্ৰতা আৰু সুশিক্ষাৰ চিন; কিন্তু হুটা মাত, যাৰ প্ৰতি প্ৰয়োগ কৰা যায়, সেই মতে তেওৰ অসন্তোষ জন্মাইযে নেথাকে, যি সেই মাত ব্যৱহাৰ কৰে, তেওঁৰো নীচতা আৰু শিক্ষাৰ অভাৱ দেখায়। লোকে আমাক টেঙ্গা কথা কলে আমি ভাল পাও নে? তেওঁলোকেনো তেনে মাত কি ভাল পাব? এতেকে সকলোকে মিঠা মুখেৰে মতা উচিত।
লোকৰ দুখ দেখি মন কোমল হোৱাৰ নাম দয়া। এই দয়া মানুহৰ মনৰ এটি কোমল আৰু মধুৰ ভাব। সি মানুহক দেৱতাৰ তুল্য কৰে, আৰু তাৰ অভাবত মানুহ পিশাচৰ সদৃশ হয়। যাৰ দয়া নাই, তাৰ মন শিল বা কাঠৰ দৰে টান, আৰু যাৰ হৃদয় কাঠ, সি মানুহ নামৰে অযোগ্য। দয়াই তাক পাওঁতা আৰু দিওঁতা দুইকো ধন্য কৰে, কিন্তু তাৰ বিপৰীত নিষ্ঠুৰতাই তাই তাক পাওঁতাক ক্লেশ দিয়ে, আৰু দিওঁতাকে সকলোৰে গৰিহণাৰ পাত্ৰ কৰে। দয়ালু লোকৰ সকলো বন্ধু, নিষ্ঠুৰ মানুহক তাৰ পুত্ৰ ভায্যায়ো ভাল নেপায়। যি আনৰ প্ৰতি দয়া কৰে, সি দয়া পায়; কিন্তু নিষ্ঠুৰ মানুহ টানত পৰিলে তাক পুতৌ কৰোতা কেও নাই, এতেকে সকলোৰে প্ৰতি সদয় ব্যৱহাৰ কৰা উচিত। লোকে তোমাৰ প্ৰতি যেনে ব্যৱহাৰ কৰিলে তুমি ভাল পোবাঁ, তুমিও লোকৰ প্ৰতি তেনে ব্যবহাৰ কৰিব লাগে; ঘাইকৈ কণা, খোৰা, অসহায় আৰু আতুৰ, এনেবিলাক মানুহৰ প্ৰতি দয়া কৰা, আৰু সাধ্য অনুসৰি সিবিলাকৰ সহায় হোৱা সকলোৰে উচিত। তেনে কোনো অৱস্থাত পৰিলে তুমি লোকৰ পৰা সহায়তা নিবিচাৰিবা নে? তেন্তে এতিয়া তুমি তেনে বিলাক মানুহৰ প্ৰতি মন কোমল কৰা আৰু সিবিলাকৰ