নিৰ্ম্মলতা।
(Cleanliness)
যি নিৰ্ম্মল, সেয়ে শুদ্ধ। নিৰ্ম্মল শব্দে মল-নথকা বুজায়; ‘শুদ্ধ’ শব্দৰ অৰ্থ বেয়া বস্তুৰে মিহলি নোহোৱা; এতেকে ইয়াৰো সেয়ে অৰ্থ, এই কাৰণে শুদ্ধ বা শুচি ব লাগিলে নিৰ্ম্মল হব লাগে। যি বস্তু মলিন সি অশুচি; আমি যদি সাত কলহো নিজনি পানী মূৰত ঢালি কাকো নোহোৱাকৈ ঘৰৰ ভিতৰত সোমাই থাকোঁ, আৰু আমাৰ গা মলিন থাকে তেও আমি শুচি নহওঁ। আৰু অকল গাটো নিৰ্ম্মল হলেই সকলো হল, এনে নহয়; আমাৰ কাপোৰ, আসন, লোটা, বাটি, শয্যা আৰু ব্যৱহাৰ কৰা আন সকলো বস্তু নিকা হব লাগে; কিয়নো মলিন বস্তু মাত্ৰেই অপৱিত্ৰ। আমাৰ ঘৰ-চোতাল ছাই জাবৰ আৰু গোবৰেৰ পূৰ হলে আনবিলাক বস্তু নিৰ্ম্মল আৰু পৰিস্কৃত হলেও কোনো ফল নহয়। এতেকে আমাৰ গা আৰু কাপোৰ আদিৰ দৰে চোতাল ঘৰকো নিকাকৈ ৰাখিব লাগে। নিৰ্ম্মল হলে পবিত্ৰ হোৱা যায়, অকল সেয়ে নহয়; নিৰ্ম্মলতাৰ পৰা আমাৰ মন প্ৰফুল্ল হয়, আৰু গা ভালে থাকে। আমাৰ গা কাপোৰ, ঘৰ-চোতাল আদি মলিন হলে সেই বিলাকৰপৰা দুৰ্গন্ধ ওলাই মন সঙ্কুচিত কবে, আৰু গাতো ৰোগ জন্মে। মলেই ৰোগৰ আকৰ। আমাৰ গাৰ ভিতৰৰ পৰা নাক, মুখ, কাণ আৰু নোমৰ গুৰিয়ে দি প্ৰতি উশাহতে কিছুমান দূষিত বস্তু অৰ্থাৎ মলি ওলাব লাগিছে, আৰু বাহিৰৰ ধূলি, মাটি পৰিও গাত মলি বন্ধ যায়; এতেকে নিতৌ অতি কমেও এবাৰ মুখ হাত আদি শৰীৰৰ সকলো ভাগ ধুই পৰিস্কাৰ কৰিব লাগে। কিন্তু গা ধোৱাৰ পাচত মলিন কাপোৰ পিন্ধিব, বা জেগেলা ঠাইত থাকিব লাগিলে গা ধুই নিকা হোৱাৰ একো সকাম নাই। এতেকে সেই বিলাকো যেন মলি নথকা হয়, তালৈ যতন কৰিব লাগে। সেয়ে হলেই মন, গা দুয়ো ভালে থাকে। মলিন মানুহ সমাজৰ অযোগ্য আৰু তেওঁক সকলোৱে ঘিণায়। এতেকে কোনো এজন জ্ঞানী লোকে কৈছে,--“নিৰ্ম্মলতা ঈশ্বৰ পৰায়নতা।”
______