পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৯
পাঠ-মালা।

চকু লোতকেৰে পূৰ হয; সেই পিতৃ মাতৃতকৈ মনুষ্যৰ ভিতৰত আন কোনো আমাৰ অধিক মান্য নহয়। এতেকে আমি সদায তেওঁলোকৰ আজ্ঞা মানিব আৰু সিবিলাকক সন্মান কৰিব পাওঁহক। আৰু তেওঁবিলাকৰ বুঢ়া কালত আমাৰ শক্তি অনুসাৰে শুশ্ৰূষা কৰা আৰু পোহ পাল দি তেওঁবিলাকক সুখেৰে ৰখাও আমাৰ কৰ্ত্তব্য।

 কণা মানুহক যি জনে চকু দিযে, তেওঁ যে কণাৰ পৰম উপকাৰী আৰু মান্য, তাত একো সংশয় নাই। সেইৰূপে শিক্ষকেও ছাতৰক চকু দিয়ে। ছাতৰে চকু থাকোতেও যি বস্তু নেদেখি আৰু যি কথা নুবুজি কণাৰ নিচিনা হৈ থাকে, অধ্যাপকৰ অনুগ্ৰহত চকু মুকলি হৈ তাক দেখিব আৰু বুজিব পৰা হয়। এনে অধ্যাপকৰ প্ৰতি যি সম্মান নকৰে, তাৰ সমান অশলাগী মানুহ নাই। আমাৰ শাস্ত্ৰত লিখা আছে যে, অধ্যাপকে যদি এটি মাথোন আখৰ ছাতৰক শিকায়, তেও পৃথিবীত এনে বস্তু নাই, যাক দি ছাতৰে সেই শিক্ষকৰ ধাৰ শুজিব পাৰে। এতেকে তুমি তোমাৰ শিক্ষকৰ প্ৰতি মান-সৎকাৰ কৰিবা, আৰু তেওঁৰ বশ হবা।

 দেশৰ অধিকাৰ সকল দুষ্টৰ দমন, আৰু শিষ্টৰ পালন কৰোতা। যি দেশৰ অধিকাৰ নাই, শাসন কৰ্ত্তা নাই, সেই দেশ অৰাজক, আৰু ধুমহা-বতাহত গুৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ। তাত সকলো মানুহে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে। এই কাৰণ নিজ বলেৰে নোৱাৰিলে মানুহৰ ধন প্ৰাণৰ ৰক্ষাই টান হয়, আৰু কাৰো সুখ শান্তিও নেথাকে। কিন্তু দেশৰ অধিকাৰে দুষ্টক দমি সন্তক পালন কৰা হেতু কেও কাৰো প্ৰতি অন্যায় কৰিব নোৱাৰে আৰু শান্তি দেশত প্ৰবল হয়। এতেকে যিসকলৰ ভয়ত চোৰ, ডকাইত আৰু আন দুষ্ট মানুহবিলাক শঙ্কিত হৈ থকাৰ কাৰণে আমাৰ ধন, প্ৰাণ, আৰু মন ৰক্ষা পৰিছে। আৰু আমি নিৰ্ভয় মনেৰে আছোহঁক, সেই শাসন কৰ্তা সকল আমাৰ অৱশ্যে মান্য, আমি তেওঁলোকৰ শলাগ লব, আৰু সিবিলাকক সম্মান কৰিব লাগে।

 যি লোক মোতকৈ কোনো কথাত শ্ৰেষ্ঠ, তেঁৱেই তোমাৰ মান্য; বুঢ়া মানুহবিলাক তোমাতকৈ বয়সে শ্ৰেষ্ঠ, তেওঁবিলাকৰ কোনো জন তোমাৰ জ্যেষ্ঠ ভ্ৰাতৃৰ, কোনো জন মাতৃৰ, কোনো জন বা পিতৃৰ বয়সীযা, আৰু কোনো জন তোমাতকৈ বহুদৰ্শী। এতেকে তুমি তেওঁবিলাকৰ প্ৰতি সমুচিত সম্মান কৰিবলাগে; আৰু সিবিলাক, নিঃকিন হলেও উপালভৰ যোগ্য নহয়।

—————