পিচত পাদ্ৰী ডক্টৰ কম্পৰ্ট চাহাবৰ সহায়তাৰ দ্বাৰা এই বিষয়ৰ সকলো আপত্তিৰ খণ্ডন হল। আৰু “ৱ’’ৰ ব্যৱহাৰ চলিল। মোৰ আদিপাঠ ছপাৰ সময়ত ইস্কুল ইনস্পেকটৰ মাৰ্টিন চাহাবেও সেইটো আখৰৰ ব্যৱহাৰৰ বিষয়ত বৰ বাধা জন্মাইছিল। পাচে বিস্তৰ লেখালেখিৰ আন্তত তেওঁ নিজৰ ভ্ৰম বুজিব পাৰিলে, আৰু ইস্কুলৰ কিতাপত তাৰ ব্যৱহাৰৰ নিমিত্তে চিফকমিশনৰৰ আজ্ঞা ললে।
১৭৮০ ( ইং ১৮৬০ ) শকত মোৰ অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰকাশিত হয়। তাক লিখা সময়ত ডাঙ্গাৰীয়া শ্ৰীযুক্ত গুণাভিৰাম বৰুৱা কলিকাতাত আছিল, আৰু তাৰ ৰচনাৰ বিষয়ত লেখাৰ দ্বাৰা তেওঁ মোক বহুত পৰামৰ্শ দিছিল। অধিক কি? সেই বিষয়ত তেওঁ মোৰ অকল উৎসাহ দাতা আৰু উপদেশক আছিল। অসমীয়া ডেকাবিলাক যে বঙ্গালী বাইৰ সলনি অসমীয়া মাতৃক আদৰ কৰিবলৈ আগ বাঢ়িল তাতো মহাত্মা আনন্দৰাম ঢেকিয়াল ফুকনৰ পাচতে গুণাভিৰাম বৰুৱা পথ প্ৰদৰ্শক হৈছিল। সেই বাবে তেওঁ ধন্যবাদৰ পাত্ৰ।
ইংৰাজী ভাষাত মোৰ ভালৰূপে ব্যুৎপত্তি নোহোৱালৈকে দদাইদেৱে মই তাক শিকাৰ কথা নেজানি ছিল। মই অতি গোপনে তাৰ অভ্যাস কৰিছিলোঁ। পাচে তাত মোৰ কিছু অধিকাৰ জন্মিলত গোপন কৰিবলৈ এৰি দেখা শুনাকৈ তাৰ চৰ্চ্চা কৰিবলৈ ধৰিলোঁ। তেতিয়া তেওঁ মোক তাৰ বাবে তিৰস্কাৰ নকৰি বৰং কাছাৰিত ইংৰাজীৰ পৰা ভাঙ্গি বঙ্গালী বা বঙ্গালীৰ পৰা ভাঙ্গি ইংৰাজী কৰিবলৈ কোনো কোনো কাকত দিছিল। ইং ১৮৫৮ শকত গোলাঘাটৰ ৰেবনিউ পেচকাৰ বিদ্ৰোহত লিপ্ত থকা অপৰাধত চসপেণ্ড হোৱাত মই তেওঁৰ মূৰে ছমাহ মান কাম কৰোঁ। তাৰ পৰা উলটি অহাৰ পিচত শিৱসাগৰৰ ইংৰাজী ইস্কুলৰ দ্বিতীয় শিক্ষক শ্ৰীযুক্ত পৰমানন্দ ভৰালিয়ে মেলানি লোৱাত তেওঁৰ বাবে একটিং হওঁ। এয়ে মোৰ ইস্কুলত প্ৰথম আৰু, অৱশ্যে শেষ প্ৰবেশ। ইয়াৰ পাচত মাহে ২৫৲ টাকা বেতনত ৰেবনিউৰ মহাফেচ নিযুক্ত হৈ ইং ১৮৬২ শকলৈকে সেই কামত আছিলোঁ। সেই বছৰৰ আগষ্ট মাহত অসমৰ জুডিস্যেল কমিশ্যনৰ মেজৰজেনৰেল (তেতিয়াৰ মেজৰ) এগনিউ চাহাবে মোক গুৱহাটীলৈলৈ আনি তেওঁৰ আদালতৰ ট্ৰেন্চলেটৰ বা ভাষা ভাঙ্গা কাকতি পাতিলে। মই ইংৰাজী পঢ়িবলৈ ধৰোতে সেই ভাষাৰ কাম কৰিব লগীয়া বিষয় লবৰ মোৰ সপোনতো ইচ্ছা নাছিল। ইংৰাজীত থকা জ্ঞানৰ কথা বিলাক শিকিবৰ কাৰণে মাথোন সেই ভাষাৰ অনুশীলন কৰিছিলোঁ। কলেক্টৰীৰ চিৰস্তাদাৰ হৈ মন্চুপ হোৱাই মোৰ অকল উচ্চাভিলাষ আছিল। আৰু এই