পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭২
অসমীয়া সাহিত্যৰ চানেকি।

শিক্ষাক বিসৰ্জ্জন দিয়াই তাৰ ফল হল। এই সময়ত সংস্কৃত বিদ্যাত মোৰ যি অধিকাৰ জন্মিছিল, এতিয়া তাতকৈ অধিক হোৱা নাই।

 এই ঠাইতে এটা কথা কোৱা উচিত যে উল্লিখিত সময়ত অসমত বঙ্গালী ভাষাৰ বৰ আদৰ আছিল; মাতৃ ভাষাক সকলোৱে ঘিনাইছিল—ইস্কুলত বঙ্গালী কাছাৰিত বঙ্গালী ডেকাবিলাকৰ আলাপত বঙ্গালী আৰু তেওঁলোকৰ চিঠিতো বঙ্গালী ভাষাহে চলিছিল; সকলোৱেই ৰঙ্গিনী বঙ্গিয়াক সঙ্গিনী কৰি লৈছিল। অৱশ্যে মইয়ো এই নিয়মৰ বাহিৰা নাছিলোঁ, বঙ্গভাষা মোৰ বুকুৰ কুটুম আছিল; তাৰ পৰা মই এটা শুভ ফলো পালো। উৰ্ব্বীধৰ বৰুৱা বঙ্গলা জিলাইস্কুলৰ অধ্যাপক আছিল, আৰু যদিও মই তেওৰ বঙ্গালী স্কুলত নহয়, সংস্কৃত পঢ়াশালিতহে পঢ়িছিলো; তথাপি তেওঁ মোৰ নামটো ইস্কুলৰ প্ৰথম শ্ৰেণীত লিখি থৈছিল, এই কাৰণ তেতিয়াৰ ইস্কুল ইনস্পেক্টৰ ৰবিন্সন চাহব ইস্কুল চাবলৈ যোৱাত মই দুবাৰ স্কুললৈ গৈ মহলাত উঠি প্ৰথম শ্ৰেণীৰ প্ৰথম পুৰস্কাৰ পাইছিলোঁ।

 বৰুৱাৰ পঢ়াশালি এৰি ঘৰলৈ যোৱাত মোৰ সংস্কৃত পঢ়াৰ শেষ হল বুজিব লাগে। কিয়নো যদিও দদাইদেওৰ মুখে তেওৰ বৰ পুতেক পদ্মনাথৰ লগত কিছুদিন ব্যাকৰণ পঢ়িছিলোঁ, তথাপি পদ্মনাথৰ পঢ়া অতি অলপ থকা হেতু তাৰে সৈতে একে লগে পঢ়াৰ পৰা মোৰ একো লাভ নহল। আৰু মোক বেলেগে পঢ়াবলৈ তেওঁৰ আজৰি নাছিল। পাচে তেওঁ যদুনাথ নামেৰে এজনা অধ্যাপক আনি আমাৰ ঘৰৰ আগতে এখান পঢ়াশালি পাতি আন আন কিছুমান ছাতৰৰ লগত পদ্মনাথ আৰু মোক, দুইকো পঢ়িবলৈ দিছিল। কিন্তু তাত পঢ়াৰ পৰাও মোৰ একো উপকাৰ নহৈ অধ্যাপকেৰে সৈতে তৰ্ক কৰা মাথোন সাৰ হল। এবছৰ মানৰ মুৰত জহনী ৰাক্ষসীয়ে অধ্যাপক আৰু পদ্মনাথ দুইকো গ্ৰাস কৰিলে, পঢ়াশালি ভাগিল, আৰু মই সম্পূৰ্ন্ন মুক্তাৱস্থা পালোঁ। তেতিয়া দিনত কাছাৰিলৈ গৈ কাম কৰাত আৰু পুৱা গধূলি মুকলি মূৰে গাঘেলাই ফুৰাত, বাজে মোৰ একো ব্যবসায় নাছিল। এদিন মোৰ এজন বন্ধু, ইংৰাজী ইস্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ শ্ৰীযুত কুশৰাম গগৈৰে সৈতে সাক্ষাত হোৱাত তেওঁ মোক ইংৰাজী পঢ়িবলৈ পৰামৰ্শ দিলে, আৰু তেওঁৰ উপদেশকে সাৰোগত কৰি ইংৰাজী বিদ্যা অভ্যাস কৰিবলৈ স্থিৰ কৰিলোঁ কিন্তু এই সময়ত মোৰ বয়স প্ৰায় কুৰি বছৰ হৈছিল, আৰু ইংৰাজী বৰ্ণমালাৰ আখৰ কেইটাত বাজে মই তাৰ একোকে নেজানিছিলোঁ। এই আপত্তিৰ উত্তৰত তেও মোক ( Reader no I )। প্ৰথম সংখ্যক ইংৰাজী