এৰি দি কলে, মই কোন্ চিনিছনে?” তাতে ভয়ত কঁপি কঁপি বন্দীয়ে বুলিলোঁ, পৰ্ভু। আমি পথালি চকুৱা মনিচ, প্ৰভুক কেনেকৈ চিনিম? এই কথা শুনি মিটিকিয়াই হাঁহি দেউতা-ঈশ্বৰৰ নাও কাঢ়িলে, ‘তেৱেঁই মই, তেওঁক শুদালোক যেন নেদেখিবি, আৰু তই যে তেওঁৰ খৰমত ভৰি লগালি এই বাবে তেওঁৰ আগত দীঘল হৈ পৰ গৈ’ তাতে এতিয়া দেউতাই ৰাইখা কৰিলেহে হয়।” ইয়াকে শুনি ডাঙ্গৰীয়া তালৈ বৰ প্ৰসন্ন হল, আৰু এই কথা যেন তেওঁজানি আছিল, এনে ভাবেৰে ওলপকৈ দাঁতকেইটি উলিয়াই গম্ভীৰৰূপে বুলিলে বাৰু খেমা কৰিলোঁ যা।” তাতে ভকত জনে ভক্তিভাৱে ডাঙ্গৰীয়াৰ শ্ৰীচৰণৰ ধুলি লৈ উঠি গল, আৰু সেই ধুলাৰ প্ৰসাদতে গোচবো জিকিলে, এনে বিলাক কথা শুনি শুনি ডাঙ্গৰীয়া ওফন্দি গঙ্গাটোপ হল, আপোনাক শিৱ কি বিষ্ণু পূৰ্ণ অৰতাৰ বুলি ভাবিবলৈ ধৰিলে; এই কাৰণে কোনো কথাৰ সঁচা-মিছা নিশ্চয় কৰিব লাগিলে, তাৰ আন সাক্ষী নিবিচাৰে, তেওঁৰ ‘চৰণত” ধৰি শপত খাবলৈ আজ্ঞা কৰে।
এদিন ডাঙ্গৰীয়া বৰচৰাত এযোৰ জাঁপ পাটী-ঢৰাত একাঁঠুমান ওখ এটা বৰ গাঁৰুলৈ কিলিংনৈৰ বালিত বৰ ঘৰিয়ালটোৰ দৰে পৰি আছে, পাৰিশদ সকলে চাৰিও ফালে শক শগুনৰ দৰে বেৰি আছে ডাঙ্গৰীয়াৰ চকু কদাচিত হে আধা মানেই মুকলি হয়। আমাৰ দেশৰ মানুহে ভাবে যে, আপোনাৰ গাটো দুৰ্ব্বল, ৰুগীয়া আৰু সুকুমল বুজাব পাৰিলেহে বৰ মানুহ বোলাব পাৰি; এই কাৰনে অনেকে হাত থাকোঁতেও কোঙ্গা, ভৰি থাকোঁতেও খোৰা, আৰু বল থাকোতেও দুৰ্ব্বল যেন দেখাই ফুৰে। আমাৰ ডাঙ্গৰীয়াও সেই বিধৰ লোক; আগেয়ে যে আহাৰমহীয়া ৰদত পথাৰে পথাৰে ফুৰোতেও গাই কেৰেপ নকৰিছিল, এতিয়া সেইটো অৱস্থা একেবাৰেই পাহৰি বৰ মানুহ বোলাবৰ মনেৰে মাজে মাজে একোটা হামি মাৰিছে, আৰু মুৰত হাতটো দি বুলিছে আজি কাছাৰিৰ পৰা এফেৰি বেগাই আহিলোঁ, তাতে মুৰৰ বিষে ধৰিচে। ইয়াকে শুনি একুৰিমান পাৰিষদে ডাঙ্গৰীয়াৰ আগৰ অৱস্থা যেন দেখাই নাই, এনে ভাৱেৰে একেবাৰেই মাত লগালে, “দেউতাঈশ্বৰৰ সুকোমল শৰীল, অলপ দুখেই বৰদুখ; অলপ মান নিদ্ৰা কৰক, তেহে গা স্বস্থ হব।” ডাঙ্গৰীয়াই তাতে হৰিক ভৰদি অমৰা-গুটি দুটি ছালেৰে ঢাকিলে।
ইফালে ডাঙ্গৰীয়াক শোৱা দেখি পাৰিসদ সকলে নানা কথাৰ আলাপ কৰিবলৈ ধৰিলে। আমাৰ দেশৰ প্ৰায় মানুহে লোকক নিন্দা কৰাত বৰ ৰং পাই দুটা মানুহ একে ঠাই হলেই লোকৰ নিন্দা উলিয়াই, পৰৰ নিন্দাত বাজে আন আলাপ