ভণ্ডেশ্বৰ বৰুৱাৰ চৰিত্ৰ। তেওঁৰ সভা-বৰ্ণনা।
গোঁসাইদেউৰ সভালৈ গমন আৰু শাস্ত্ৰালাপ।
ভণ্ডেশ্বৰ বৰুৱা তিনিও “মোলাতকৰ” চিৰস্তাদাৰ, চাহাবৰ বৰ খাটনিয়াৰ, অকল তেওঁইহে চাহাবৰ খাটনিয়াৰ এনে নহয়, তেওঁৰ ঘৰৰ বোন্দা মেকুৰিটি পিৰ্য্যন্ত চাহাবৰ প্ৰিয়, এই কাৰণ তেওঁ যিহকে কৰোঁ বেলে, তাকে কৰিব পাৰে; বদ্যাত কিন্তু “বৃহস্পতি," সেই কথাত তেওঁৰ ফালে নিতে “শ্ৰীপঞ্চমী” বুলিলেও বৰ মিছা কোৱা নহয। কিন্তু ডাঙ্গৰীয়া আন সকলো বিদ্যাত কৈ এটা বিদ্যাত বৰ পাৰ্গত, তাৰ নাম “লোটনি”। এই বিদ্যাত তেওঁ এনেহে পণ্ডিত যে হামিক সকলৰ ভৰিৰ পৰা তেওঁৰ হাতৰ বিচ্ছেদেই নাই, আৰু অকল এই বিদ্যাৰেই সকলো হাকিমক বশ কৰে। বৰুৱা দেউৰ গুৰিটোহে বৰ বিশিষ্ট নাছিল, তেওঁ তাক ঢাকিবৰ উপায় নকৰি থকা নাই। আমাৰ দেশৰ সামান্য মানুহে এটা ডাঙ্গৰ কাম পালে আগৰ হীন অৱস্থালৈ তাৰ ঘিণ লাগে, আৰু তাক লুকাবৰ মনেৰে পুৰনি ডান্সৰ খিতাপ এটাৰে খ্যাত হবলৈ যতন কৰে। আমাৰ বৰুৱাদেৱে সেই বুদ্ধিটো জানিছিল। আমাৰ দেশৰ মনুহবিলাক খাটনি-লোটনিত বৰ পটু, আৰু যেনে মাছ দেখে, তেনে জাল গাঁখিব পাৰে। বৰুৱাদেও যদিও আগেয়ে ঘৃণাৰ পাত্ৰ আছিল, তথাপি এতিয়া ডাঙ্গৰ বিষয় পোৱাত, বিশেষত চাহাবৰ খাটনিয়াৰ হোৱাত সকলোৱে তেওঁত ইষ্ট গুৰুৰ নিচিনাকৈ ভক্তি কৰিবলৈ ধৰিলে। কোনো একোজন ভদ্ৰলোকে কয়, ডাঙ্গৰীয়া শুদা শক্তিৰ লোক নহয়, যেগ ভ্ৰষ্ট পুৰুষ সাক্ষাত ঈশ্বৰ মূৰ্ত্তি, নহব কিয়? “শুচিনাং শ্ৰীমতাং গেহে যোগ ভ্ৰষ্টোভিজায়তে”। এনে কথা শুনিবলৈ ডাঙ্গৰীয়াই বৰ ভাল পায় আৰু কোৱা জনলৈ প্ৰসন্ন হয়। ইয়াকে দেখি আমাৰ মানুহবিলাকে সেই বিষয়ত বৰ পাৰ্গতালি দেখাই আপেনাৰ কাৰ্য্য সিদ্ধি কৰিছিল। এজন গুচৰিয়া ভকতে এদিন ৰাতিপুৱা লৰি আহি ডাঙ্গৰীয়াৰ ভৰিত দীঘলহৈ পৰি কবলৈ ধৰিলে, “দেউতা ঈশ্বৰ! বন্দীক ৰইখা কৰক, বন্দীয়ে বৰ অপৰাধ কৰিছোঁ। কালি কেনেবাকৈ নেদেখাত দেউতা ঈশ্বৰৰ খৰমত উজতি মাৰিলো, তাতে ৰাতি শুই থাকোতে হাতত সোণৰ লখুটি লোৱা আৰু শুকুলা বস্ত্ৰ পিন্ধা, পকা থেকেৰা যেন বৃদ্ধ লোক এজনা আহি ‘তই মোৰ খৰম কিয় গুৰিয়ালি’ বুলি বন্দীক গচকা মাৰি ধৰিলে। বন্দিয়ে সপোনতে অনেক কাকুতি মিনতি কৰাত