পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৪
অসমীয়া সাহিত্যৰ চানেকি।

মাটি আপোনাৰ ধৰ্ম্মোত্তৰৰ ভিতৰৰ বুলি এখান মিছা তামৰ ফলি উলিয়াই গোচৰ পাতিছিল আৰু সেই গোচৰৰ কাৰণে গোঁসাই-দেউ নগৰলৈ আহি মৰ্কটেশ্বৰ ফুকনেৰে চিনাকি হোৱাত তেওঁৰ তোলতে বহা কৰিলে। মৰ্কটেশ্বৰ ফুকন এই দেশৰ বৰগোঁহাই-ফৈদৰ সন্তান, ৰজাৰ দিনত কেইবাখনো ডাঙ্গৰ বিষয় খাইছিল, এতিয়া পেন্‌শ্যন পায়। পূৰ্ব্বে তেওঁ তন্ত্ৰৰ মতত প্ৰবৰ্ত্তিছিল কিন্তু আমাৰ গোঁসাই-দেউৰ এনেহে পৰমাৰ্থৰ বল যে তেওঁৰ লগ পাবৰেপৰা ফুকন-দেওৰ মন একেবাৰেই পালটিল, তাতে তেওঁ তন্ত্ৰ-মন্ত্ৰ সকলোকে কাতিকৈ থৈ মহাপুৰুষ গুৰুৰ এজন শুদ্ধ সেৱক হৈ পৰিল, ভোৰতালৰ কোবত গছৰ পাত সৰাবলৈ ধৰিলে। এওঁতকৈও এওঁৰ গাভৰু-দেও-জনাৰ ভক্তিহে চাৰ। তেওঁ নিতৌ গোঁসাই দেউৰ মুখে কৃষ্ণ লীলা শুনি ভক্তি-ৰসৰ সোৱাদ পালে, আৰু পৰমাৰ্থৰো মৰ্ম্ম বুজি ললে। এইৰূপে থাকোঁতে থাকোঁতে গুৰু-শিষ্যে দুইকো দুয়ো চিনি পাই প্ৰেমভাৱ উপজিল। গোঁসাই-দেউৱে নতুন শিষ্যৰ ভক্তিত তুষ্ট হৈ পূৰ্ব্বে কৃষ্ণৰ যিবিলাক লীলাৰ কথা মুখেৰে শুনাইছিল, পাচত ঘৰতে বৃন্দাবন পাতি সেইবিলাক দেখাই দিবলৈ ধৰিলে; বস্ত্ৰহৰণকে আদি কৰি মানভঞ্জনলৈকে লাহেলাহে সকলো লীলা সাঙ্গকৈ দেখালে। ফুকনদেৱে এই সকলো লীলাখেলাৰ কথা জানিও সন্তৰ, বিশেষত গুৰুৰ মনত কোপ হব, এই ভয়ত বাধা দিবলৈ সাহ কৰিব নোৱাৰিলে; বৰং গাভৰু-দেৱে এনে এজনা পৰম বৈষ্ণৱৰ প্ৰিয়া শিষ্যা হৈ পৰমাৰ্থৰ মৰ্ম্ম বুজি লোৱাত আপোনাকো ধন্যহে মানিলে, আৰু আপোনাৰ পুণ্যৰ ফলেৰে নোৱাৰিলেও আইচু-দেওৰ পুণ্যৰ ফলেৰেই যেন তৰি যাব পাৰিব, একো বেলি মনত এনে এটা আশাও কৰিছিল। বিশেষ তেওঁৰ পুত্ৰ নাছিল, এই কাৰণ গাভৰু-দেওলৈ সাধু-জনাৰ ইমান অনুগ্ৰহ ভাৱ হোৱা হেতু বুঢ়া কালত পুত্ৰৰ মুখ দেখিবলৈ পাব বুলি, তেওঁমনত বৰ ৰং পাইছিল। ইয়াত বাজে আইচু-দেওৰ গাত বীৰাৰ পাক এটা আছিল, গোঁসাই-দেউৰ আশ্ৰয় লোৱাৰ পৰা সেইটি গুচিল, এই কাৰণ তেওঁৰ মনৰ সন্তোষ সকলো সীমাৰ পাৰ হৈছিল।

 

———