পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৩
কোৱা ভাতুৰী।

তাৰ লেখ নাই। পাপ এটা সোঁচৰা ব্যাধি, নিস্পাপী মানুহ পাপী মানুহৰ ওচৰ চাপিলেই পাপে জাঁপ মাৰি নিস্পাপী মানুহৰ গাত উঠে। যি শিষ্যে জানি বা নেজানি প্ৰভু ঈশ্বৰৰ দাই লগাই, তাতকৈ পাপী কেও নাই। এইকাৰণ সি দাই নভঙ্গায় মানে তাৰ পাপ আনৰ গাত সোঁচৰে বুলি প্ৰভু ঈশ্বৰে তাৰ দুৱাৰ-মুখত টাব-চিলিঙ্গি মাৰি আন শিষ্যক সেই জগৰীয়া শিষ্যেৰে সৈতে জুই পানীৰো ব্যৱহাৰ কৰিবলৈ নিষেধ কৰি থয়। শিষ্যৰ জীৱটি কেনেকৈ উদ্ধাৰ হব প্ৰভুৱে সদায তাকেহে চিন্তে; তাতে শিষ্যৰ ভাল বস্তু এটি দেখিলেই কেতিয়াবা তাৰ প্ৰতি দয়া কৰি সেই বস্তুটি “গ্ৰহণীয ভাৱ" কৰিবলৈ মহাপ্ৰভুৰ ইচ্ছা জনমে, বস্তুটি দুখানি চৰণত শোধালে ইহ পৰ-লোকত শিষ্যটিৰ কল্যাণ হয়; তাকে নকৰিলে নৰকৰপৰা তাৰ নিস্তাৰ নাই। আমাৰ প্ৰভু জগন্নাথ সি খানি শিচ-গাঁৱত সোমাই, তাৰ কল্মষ গুচাৰৰ নিমিত্তে তাক জহনীয়ে চোঁচা পেটতকৈও নীৰস কৰিহে এৰে। দুখানি চৰণে এবাৰ শিষ্যৰ গাৱত ধলা পেলাই সকলোকে পবিত্ৰ কৰিবলৈ গৈছিল; গাওঁ পাই শুনিলে, সেই গাওৰ মেধিৰ এজনী ভাল গাই আছে, তাতে মেধিৰ পৰম ভাগ্যৰ গুণে তেওৰ প্ৰতি প্ৰসন্ন হৈ আতা ঈশ্বৰে গাইটীলৈ এনেছে ইচ্ছা কৰিলে যে, তাকে নেপালে ঢাউল সিজোৱাই নহয়। এই কথা আলধৰা-আতৈয়ে গৈ মেধিত কলে, মেধি বিমোৰ! গৰু নিদিলে গোঁঁসাই ঈশ্বৰৰ ভোজন নহয়, গৰুজনীও মৰমৰ, দিবলৈ গাই নসয়। কিন্তু গোঁসাই ঈশ্বৰ লঘোনে থাকিলে, গৰু কি বস্তু? দেহ প্ৰাণৰে সৰ্ব্বনাশ! এই বিলাক কথা ভাবি চাই এফেৰি অৰি-হণাৰে সৈতে নামঘৰৰ খুঁটাত গৰুজনী বান্ধি দিলতহে প্ৰভূজগন্নাথে দুপৰীয়া ভোজন কৰিলে।

——

গোবৰ্দ্ধন গোঁসাইৰ নগৰলৈ অহা,আৰু মৰ্কটেশ্বৰ

ফুকনৰ ঘৰত বহা কৰা।


  লোভৰ সমান দুষ্ট বস্তু নাই, ই কি সন্ত, কি মহন্ত, সকলোকে বশ কৰে। আমাৰ গোঁসাই ঈশ্বৰ যদিও সাক্ষাত ধৰ্ম্মমুৰ্ত্তি আৰু পৰমাৰ্থৰ ভঁৰাল আছিল, তথাপি লোভৰ হাত সাৰিব পৰা নাছিল; —তাতে কোনো এজনৰ এডৰা ৰোৱৰ্তী