পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬০
অসমীয়া সাহিত্যৰ চানেকি।

কৰিলে পৰোপকাৰ ৰুপ ধৰ্ম্মৰো ফল পোআ নেজাই। কিয়নো উপকাৰ দায়াৰ কাৰ্জ, কিন্তু স্বাৰ্থপৰতাৰ লগত দায়া নেথাকে। বিসেস দেস কাল পাত্ৰ বিবেচনা কৰিলে উপকাৰৰ সম্পূৰ্ণ ফল পোআ নেজাই। এতেকে জি দেসত জি কালত জি মানুহৰ জি বস্তুৰ আৱস্যক; বিবেচনা পুৰ্ব্বক সেই বস্তু তাক দিব পাৰিলেই সম্যক উপকাৰ কৰা হই। পৰে সেসত ইয়াকে কোআ উচিত, জে উপকাৰ কৰোঁতে, জেন তাৰ অপকাৰ নহই, কোনো মানুহক সুখ দিয়াত জেন তাৰ নিত্য কল্যানৰ পথ ৰোধ নহই; পৰোপকাৰ ৰুপ ধৰ্মৰ লগত জেন স্বাৰ্থপৰতা পাপৰ যোগ নহই; আৰু কঠিন বাক্য বা বিসম ভাবৰ দোআৰাই উপকাৰৰ অমৃত সমান। স্বাদ নষ্ট নহই; উপকাৰ কৰিবৰ সময়ত উপকাৰি মানুহে এনেকুআ কিছুমান নিয়মৰ প্ৰতি দ্ৰিষ্টি কৰা উচিত। এইকপে উপকাৰ কৰিব পাৰিলেই লোক সমাজৰ হিত সাধন কৰা হই, আৰু জি এই দৰে লোকৰ উপকাৰ কৰে, তেওঁকে সত্য পৰহিতৈসি বোলা উচিত।