আসাম দেস হিতৈষিনি সভাৰ বচনাৰ সাৰ সং গ্ৰহ। কোনো তাঙ্গ কাটি পেলাই, তেতিয়া জে সেই নৰিযা মানুহে তানেক দুখ পাই, তাত কোনো সংসই নাই, কিন্তু তাক তেনে অলপ দুখ নিদিলে,. তাৰ বোগ গুচাবৰ উপাই নাই। আমি এই সমযত ৰোগ মিত্যু প্ৰভৃতিক অতি অপকাৰি আৰু বৃননি গিয়ান কৰোহক; কিন্তু বিবেচনা কৰিলে জানিব পাৰি জে, সেই ৰোগ প্ৰভিতি দিও পৰম ইস্বৰে আমাক অসেস উপকাৰহে কৰিচে , কিযনো আমি জেতিয়া তেওঁব সাধাৰনিক মানসিক কোনো প্ৰকাৰ নিবম ভাঙ্গো, তেতিযা আমি। সেই বাবে ৰোগ আদিৰ দোআৰাই দুখ ভোগ কৰেহিক , কিন্তু আগলৈ আমি সেই ৰুপে নিযম নেভাঙ্গিবলৈ সতৰ্ক হব পাৰোহক। আৰু অসেস ৰোগৰ দোঅৰািই জেতিযা আমি ক্লেস পাওঁ ইক, তেতিযা মিতু আহি আমাৰ সেই দুখ গুচাই; এতেক মিত্যুও আমাৰ উপকাৰিহে। এই কাৰণ আমাৰ সেস সুখব নিমিতে অলপ দুখ দিলেও সেই দুখত অপকাৰ নহৈ, উপকাৰহে হই, কিন্তু সম্প্ৰতি অলপ সুখ দি পাচ অনেক দুখ হবৰ পথ উদিযাতে সেই সুখ কোনো ৰুপেই উপকাৰি হব নোআৰে। কিন্তু উপকাৰি জনৰ শুভ ইচাইতে উপকাৰৰ মুণ, কোনো মানুহে মনত সম্পূৰ্ণ উপকাৰ কৰিবৰ মনেবে জদি কোনো মানুহক অলপমানে। উপকাৰ কৰিব পাৰে, তেন্তে সেই জনক পৰোপকাৰি বেলা উচিত। কিন্তু জি মানুহৰ মনত উপকাৰ কৰিবব কি দিতমানে মন নাই, অকস্মাত তাৰ পৰা কোনো উপকাৰ পোষা যাই, তাক উপকাৰি বৃন গননা কৰা উচিত নহই। কোনো ভোকলগা মানুহক অহাৰ দিযাত জদি তাৰ গাত কোনোৰুপে আঘাত লাগে, তেন্তে সেই অন্নদাতাক অপকাবি বেলা উচিত নই। আৰু কোনো ডকাইতে কোনো মানুহক প্ৰান মাৰিবৰ মনেৰে দাৰে কোব মবিলে সেই মানুহৰ কোনো ৰোগ দুৰ হলেও সেই ডকাইতক সেই জনৰ উপকাৰি বোলা অজুগুত। এতেকে উপকাৰিৰ সুভ ইচাইহে উপকৰিব মুল। আৰু সেই দৰেই উপকাবিৰ অন্য কোনো লোভ ৰাখি উপকাৰ কৰিলে ও উপকাৰৰ মৰ্জদা নেথাকে। জেনেকৈ কোনো ধনি মানুহক প্ৰসন্ন কৰি সাৰ্থ সিধি কৰিবৰ মনেৰে কোনো মানুহে সেই ধনিৰ উপকাৰ কৰিলেও সেই ধনিএ তাক উপকাৰি গিয়ান নকৰি, আপোনাৰ উপাসক বুলিহে ভাবে। এতেকে স্বাৰ্থপৰতা বা অসত প্ৰবৃতি নোহোতাকৈ জি উপকাৰ কৰা জাই, তাকেহে সত্য উপকাৰ বুলিব পাৰি। জদিও উপকাৰৰ লগে লগেই প্ৰত্যুপকাৰ আৰু ইস্বৰৰ প্ৰিতি আচে, তথাপি উপকাৰি মানুহে আন কোনো প্ৰকাৰ আপোনাৰ লাভৰ বাঞ্চা ৰাখি উপকাৰ কৰা উচিত নহই। আৰু তেনে
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৭৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই