পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৩
বিনই বচন

তেওঁৰ প্ৰেম অতি পাতাকৰ প্ৰতি,
ভক্তি স্তুতি কৰে জেই,
থলে বিস্বাসিলে, খেদ যুক্ত হলে,
মুক্তি পথ পাব সেই।
জদিহে নেমানা, ভুঞ্জিবা জাতনা,
নৰক সাস্তি অনন্ত;
তেতিয়া তোমাৰ নহব নিস্তাৰ,
দহিব অগ্নিপ্ৰচণ্ড।
সদা সৰ্ব্বখ্যন দগ্ধ হৰ মন,
নেপাবা কোনো সান্তনা
ইন্দ্ৰিআদি জত, সব হব নষ্ট,
আত্মাহে পাব জাতনা।
ভাই বন্ধু গণ, তিৰি পুত্ৰ ধন,
তাতে কিছু নাহি হব ,
সকলো অসাৰ, কোনো নহই কাৰ,
তেতিয়া সঙ্গে নৰব।
জত দিন দেহে, আত্মা থিতি বহে,
বোলে সবে আপোনাৰ,
নয়ন মুদিলে, অচেতন হলে,
কে্নো নহই সঙ্গি কাৰ।
এইহেতু সুন, হৈওক চেতন,
কৰা যিচু পদ সাৰ;
ভাবি দেখা জত, সকলো অনিত্য,
প্ৰভুহে ত্ৰানাধিকাৰ।
জেন ব্ৰিখ্য ডালে, পখি গৈ সকলে,
দণ্ডকে দুদণ্ড থাকে,
সেই ৰুপে জান, দেহতে জিৱন,
নিচয়ে বোলো সবাকে।