পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
অসমীয়া সাহিত্যৰ চানেকি

দুখ, ৰোগ, ম্ৰিত্যু, সোক, পিৰা তাপ জত,
নহয় প্ৰবেস তাতে কাহাৰো মনত;
অমঙ্গল কিছুনাহি মঙ্গলৰ ঘৰ,
তথাকাৰ সদা ৰজা পৰম ইস্বৰ।
সাধু লোক্‌হে তেওঁৰ প্ৰজা আনন্দ অন্তৰে
সকলোৰে হিতকাৰি দুতগন কৰে।
স্বৰ্গ প্ৰবেসৰ নাম হৈচে পৰিত্ৰান,
য়িচু খ্ৰিষ্ট দ্বাৰ তাৰ সোমাই পুন্যবান।
বিনয় কৰিয়া কলোঁ তোমাকে উচিত,
ইয়াতে বুজিয়া দেখা জি কৰ্ম বিহিত;

খ্ৰিষ্টৰ সৰন লোআ, তেহে স্বৰ্গে জাবা,
নতুবা অনন্ত নৰ্কে অৱস্য পৰিবা।
তেৱেঁহে স্বৰ্গৰ দ্বাৰ, তেৱেঁই দ্বাৰিতাৰ,
তেওঁৰ হাতে সচাৰ্ কাঠি, পথ নাহি আৰ।
প্ৰেম ভাৱে কহোঁ, সুনা বিনয় বচন,
হেলাতে এৰিচা কিয় এনে মুক্তি ধন।

বিনই বচন।

সুনা সৰ্বজন বিনই বচন,
বিদয়ে দিওক বাস;
পাপ তৰিবৰ য়িচু পদ সাৰ,
নাহি অন্য আৰু আস।
তেঁৱে দয়াতুৰ আপুনি ইস্বৰ
পুৰ্ণ ব্ৰহম সনাতন,
য়িচু বিনে আৰ সকলো অসাৰ,
ভাবিদেখা সৰ্বজন।