পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৩
নিস্তাৰৰ উপাই।

ইহাৰ প্ৰমান সবে জানোক নিচই,
ৰাগ, দুখ, ক্লেস সৰিলত অতিসই।
মায়াৰ জালত বন্ধ নাহিকে চেতন,
নিতন্তে পাপত ডুবি আচে সৰ্বজন।
এইৰুপে জগতৰ মাজে কত জন,
বিসযৰ চিন্তাই তাৰ মজি আচে মন ,
কিন্তু পৰকালে গতি কি হব বিলাই,
নেভাবিষা থাকে সবে তাক সমুদাই।
অল্পদিন ভোগ হেতু তাৰ প্ৰয়োজন,
ম্ৰিত্যু হলে সঙ্গে কাৰো নাহি জাব ধন ,
আজি কিবা, কালি কিবা, জি কোন বচবে,
অৱশ্যে মৰিব সব জানিবা অন্তৰে।
ইহলোকে অল্পকাল থাকে সবজন,
পৰলোকে সৰ্বকাল থিতি নিবন্ধন।
নাহি পুনৰপি জন্ম নাহিক মৰন,
নিত্য স্বৰ্গভুঞ্জে, কিবা নৰকে গমন।
সত্যাস্ৰই বিনা কোনো স্বৰ্গে নাহি জাব,
অধোমুখ হৈয়া ঘোৰ নৰকে পৰিব।
কেনুআ জন্ত্ৰনা আছে মাজত নৰ্কৰ,
কোনো নাহি জানে তাক অল্প মতি নৰ;
নুনুমুআ বহ্নি আছে, নাহি আদি অন্ত,
প্ৰচণ্ড অগ্নিৰ সিখা তাহাতে জলন্ত।
তাহাতে পৰিলে ভাই, ৰখ্যা নাহি আৰ,
কান্দিবা অনন্ত কাল কৰি হাঁহাঁকাৰ।
পলোআ, পলোআ বন্ধু, নপৰিবা তাত,
সত্য পথ বিচাৰিয়া সাৰিওক হাত।
বিচাৰ কৰিয়া দেখা সৰ্ব নৰগণ,
আহিচিলে এই জগতে সত্য মহাজন;
নামে য়িচুখ্ৰীষ্ট অধিকাৰ জিৱনৰ,