পাল ৰজা লোকৰ অধিনত থকাৰ কথা এৰি আপোন প্ৰান ৰাখিবৰ নিমিতে হিন্দু- স্থানৰ আন আন মহাৰজাবিলাকৰ তলৈ এই সম্বাদ পঠালে, বােলে, তােমালােক সকলে একে মন হৈ মোৰ এই সক্ৰৰ লগত ৰন কৰিবলৈ আঁহা। এই কথাতে উজইনি, গোআলিয়ৰ, কালিঞ্জৰ, কনৌজ, দিলি আৰু অজিমেৰ, এই এই দেসৰ ৰজাবিলাক আপোন আপোন সৈন্য বিলাকক লগতলৈ অনিন্দপাল ৰজাৰ সহাই হবলৈ আগমন কৰি আহিল ; সিবিলাকে সাহ আৰু দ্রিঢ় প্রতিগ্যা কৰি আহিল, কিন্তু মহমদৰ সহিতে বন কৰিবলৈ সিবিলাকৰ মাজত কোনো মুখ্য জুধাৰু নাচিল ভিন ভিন দেসৰ ইমান সৈন্য অনেক কালৰে পৰা আহি কেতিয়াও ভাৰতবৰ্সত গোট খোআ নাই। মহমদে পেস্যাৱৰ চহৰৰ ওচৰৰ এক পথাৰত চাউনি কৰি আচিল, আৰু তেওঁৰ সমুখে হিন্দুস্থানৰ বজাবিলাকেও চাউনি কৰিলে; হিন্দু- বিলাকৰ সৈন্যবিলাক দিনে পতি সংখ্যাতে আৰু সাহতে ব্রিধি হবলৈ ধৰিলে। দুকুৰি দিনলৈ দুয়ো ফৌজে সমুখা সমুখিকৈ এ থাকিলে । মহমদৰ সকত কোঁঠ আচিল, আৰু তাত বাহিৰেও হিন্দুবিলাকে তেওঁক জেন প্রথমে আক্রমন কৰিব, তেওঁৰ এনে বাঞ্চা আচিল, অৰু সেসত সেয়ে ঘটিল। হিন্দুবিলাকে তেওঁৰ ওচৰলৈ আহোঁতেই মহমদৰ সেনাবিলাকে সিহঁতক সংহাৰ কৰিলে ; সেসত মহমদে সিহঁতক নিচই ক্লান্ত হোআ জেন দেখি আপুনি চাউনিৰ পৰা ওলাই সেই নির্বলি সত্ৰুবিলাকৰ ওপৰত ঘােৰ জুধ কৰি সকলোকে আক্রমন কৰিলে।
ভাগ্যৰ নিমিতে সেই দিনত এটা দুৰঅৱস্থা ঘটিচিল, সেই কাৰণে তেওঁ সেসত জই হল। সকলো হিন্দু ৰজাবিলাকৰ সৈন্যৰ সেনাপতি বিলাকে লাহোৰ ৰজাৰ হাঁতিব আগলৈ এক প্ৰকাৰ অগ্নিবান মাৰিচিল, তাতে সেই হাতিএ ভই পাই ৰণ ভুমিৰ পৰা বজা সমনিতে লৈ পলাই গল; কিন্তু তেতিখনে হিন্দু সৈন্যবিলাকে অপােনা প্রধান সেনাপতি স্বৰূপকৈ পলাই গল হেন ভাবি, সিহঁতে পলাই গল। তাতে মহমদে আপােনাৰ ঘোৰা চিপাহি বিলাকক লগত লৈ দুদিনৰ বাটলৈকে সিহঁতক কাটি কাটি সিহঁতৰ পাচত খেদি গল; সেই সময়ত ২০,০০০ সৈন্যক কাটি নিপাত কৰিলে, তাত বাজে বন ভুমিত বা কিমান মৰিল তাক গনিবলৈকে নহল। তেওঁ এই জুধত দুকুৰি হাতিৰ ভাৰৰ সমান লুট কৰা বহুমুল্য বস্তু পালে, আৰু তাতে মহমদৰ নামৰ জস বায়ুতকৈও আগ হৈ আচিয়া বৰিসৰ
সিমালৈকে বিয়পি গল।