পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
অসমীয়া সাহিত্যৰ চানেকি।

তাতো দুই প্ৰধান ৰজা অচে, অৰ্থাত বিকানিৰৰ আৰু জচল্‌মিৰ ৰজা।

 গুজৰাট প্ৰদেস ঠায়ে ঠায়ে উৰ্বৰা, ঠায়ে ঠায়ে মৰু। তাত নানা জাতিৰৰ লোক আছে, পাৰ্চি অৰ্থাত অগ্নি সেৱক অনেক, সিবিলাকে অগ্নিক পুজা কৰে, আৰু জৈন ধৰম লোআও অনেক আচে। গুজৰাটৰ এড়োখৰ গুইকৰ নামে ৰজাৰ- অধিন, তেওঁৰ ৰাজধানি বাৰদা। গুজৰাটৰ ইঙ্গৰাজৰ অধিকাৰত ৰাজধানি আহমেদাবাদ, কিন্তু চুবাট নগৰহে অতি প্ৰধান বানিজ্যৰ ঠাই।

 গুজৰাটৰ গুৰিত আজমিৰৰ দখিন কচ প্ৰদেস, তাত জাৰজ নামে এবিধ ৰাজপুত জাতি বাস কৰে। সিহতৰ ডকা দিয়া স্বভাও। আৰু সিঁহতৰ ভিন এক ৰজা আছে, কিন্তু আচৰিত এই, জে সিহত মচলমান, আৰু এক ভয়ানক ৰিতি এই জে চোআলি লৰা হলে সিহতে বধ কৰে।

 আগ্ৰা আৰু আজমিৰৰ দখিনে মালৱা প্ৰদেস, সি বৰ ওখ ঠাই আৰু উৰ্বৰা, তাত মহাৰাষ্ট্ৰবিলাক থাকে। মালৱা প্ৰদেশত ভালেমান অফিঙ্গ হয়। আৰু একে জনা ৰজা নহই, কিন্তু অনেক, প্ৰধান চিন্ধিয়া আৰু হলকাৰ, সিবিলাকে ইঙ্গ- ৰাজকে সাৰথি ৰূপে আচে। মালৱা প্ৰদেসতে পুৰ্বে বিক্ৰমাদিত্য বজা আচিল, মালৱাত প্ৰধান নগৰ উজয়নি বা অৱন্তি, আৰু ইন্দুৰ জাক অহল্যাবায়ে হলকাৰৰ ৰাজধানি পাতিলে।।

 সিন্ধু নদিৰ মুখতে সিন্ধু প্ৰদেস। তাৰ প্ৰধান নগৰ টাটা, সি বৰ বানিজৰ ঠাই আচিল, আৰু ৰাজধানিও আচিল, কিন্তু এতিয়া সৰু হৈ গৈচে, আৰু তাৰ পৰা ৰাজধানি হইদৰাবাদলৈ এতিয়া নিচে। অলপ দিন হৈচে এই দেশৰ ৰজা মচলমান আমিৰ আচিল, আৰু সিবিলাকে প্ৰজাক বৰকৈ জাতনা দিচিল। কিন্তু এতিয়া ইঙ্গৰাজে তলৈ লৈছে, তাৰ পৰা প্ৰজাৰ সুখ হব।

 লাহোৰৰ দখিনে মুলতান প্ৰদেস, সি পুবে কাবুলৰ অধিন আচিল, কিন্তু এতিয়া কম্পানিৰ অধিন। ইয়াৰ ৰাজধানি মুলতান নগৰ, সি অতি সুন্দৰ, চাৰিও ফালে সুন্দৰ গৰএটা আচে, আৰু তাত জি এখন দেৱালই আচে, তালৈ অনেক জাত্ৰি জাই। এই নগৰত দলিচা আৰু পাট কাপৰ অনেক হই। মুলতানব লোকবিলাক হিন্দু নহই, আফগানো নহই, কিন্তু সিহতক জাত বোলে।

 ভাৰতবৰ্সৰ পচিমে লাহোৰ প্ৰদেস, তাৰ এডোখৰ বৰ উৰা আৰু নানা সস্য উতপন হই। এই প্ৰদেসত চিক বা সিংহ, জোত আৰু ৰাজপুত ইত্যাদি হিন্দু