১১২ অসমীয়া সাহিত্যৰ চানেকি। ৰজাৰ অধিন আচিল, তাৰ ওচৰতে খামতি চিঙ্গফেী ইত্যাদি পৰ্বতিয়া জাতিৰ অধিকাৰ আচিল। আৰু তুৰ্বক নামে গৌৰ বাদত্যাৰ পুতেকে ৰটা নদিৰে পৰা চাই দুআবলৈকে আক্ৰমন কৰিচিল। ব্ৰহ্মপুত্ৰৰ দখিন পাৰে, উতৰ পুৰ ফালে বৰাহিমবান, তাৰ পচিমৰ পবা কচাৰি বজা, আৰু তাৰ বাহিবে না ইত্যাদি। অধিকাৰ আছিল; এই সকলোবোৰ ঠাই ক্ৰমে ইন্দ্ৰ বংসিয় অচম ৰজা সকলৰ অধিকাৰ হল। এতেক এতিয়া জি ৰজা সকলে গোটেই অচম দেশকে হস্তগত কৰিলৈ ১১৫১ হিন্দু সকৰ পৰা ৰাজ্য ভোগ কবিলে, তাৰ প্ৰস্তাও লিখিম। অচম ৰজাবিলাকৰ গুৰিৰ কথা নানা লোকে নানা দবে কয়। ইন্দ্ৰ বংসি বুলি হৰগোবিসম্বাদ নামে এখন পুথিত লিখিচে। ইন্দ্ৰৰ মূৰ্ত্তি তলত লিখা আচে। আদিতে ১১৫১ সক আৰু ১২২৯ ইজি সকত চুকাফা নামে ৰজ। প্ৰথমতে সৌমাৰলৈ আহি মটক আদি কৰি নানা পৰ্বতিয়া জাতিক অধিন কৰিলে। তেও মিত্যু হলত তেওঁৰ সন্তান সন্ততি এই ক্ৰমে নানা ঠাই অধিকাৰ কৰি, উনচলিচ জন ৰজাৰ দিনত অসম দেসক তিনি প্ৰধান জাতি, আক্ৰমন কবিলে; প্ৰথম মচলমান, দুতিয় মোজামবিয়া বা মটক, বিতিয় মানে। | চুকাফা বজাৰ পৰা ১৯ জনা ৰজা হৈ গৈ বিসতি জনা আৰ্থাত চুতুমলা হিন্দুমতে জয়ধ্বজ সিংহ বজাৰ দিনত ১৬৬২ ইং সঁকত আওৰজেব বাদস্যাৰ আগ্যাবে বঙ্গাল দেস নেবাব মিৰজুমলাই অনেক সৈন্য সৈতে আহি অচম দেস ললেহি। আমাৰ ৰজাদেও ঠাৱৰিব নোঅৰি নামৰূপৰ চৰাইখোবোঙ্গলৈ ভাগি গল। পাচে বাবিখা হলত বঙ্গালহতঁৰ খাবলৈ নাই কিয়া হোআত, আৰু মাউৰ লাগি অনেক সেনা মৰিলত, নেবাৰে সন্ধি কৰিবলৈ ইচা কৰাত স্বৰ্গদেৱে বন্দি ১০০, বেটি ১০) হাতি ৩০টা সেন দুহেজাৰ, ৰূপ বাৰে হাজাৰ, এই খিনি জৌতক দি সালংক্ৰিতাকৈ ৰমনিগাভৰুক আওৰংজেব বাদালৈ দিলে, তাতে নেবাবে দেস এৰি দি ভটিয়াই গল। | মোকামৰিয়াৰ উপদ্ৰৱৰ বিবৰণ এই। চুকাফা ৰজাৰ পৰা ৩০ জনা ৰজা হৈ ১৭১৪ সকত সিৱসিংহ ৰজা হল, কিছু কালৰ মুৰত তেওঁৰ চত্ৰভঙ্গ জোগ হৈছে বুলি, ফুলেস্বৰি আই কুঁঅৰি দেৱক বৰজা নাম দি চত্ৰ দিলে। এনেতে তেও সুদ্ৰ মহাজন কেতবোৰ গোসানিক নেমনে বুলি শুনি দুৰ্গোচও পুজাত মোমৰাৰ মহন্তকে আদি কৰি কেইজন মানক অনাই বৰ ৰজাই গোসানি সেৱা
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৩২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই