১১০ অসমীয়া সাহিত্যৰ চানেকি | তেওঁৰ মাত বৰ সৰু আৰু বেয়া আচিল দেখি সভাৰ সকলোৱে তেওঁৰ কথা সুনি উপহাস কৰি হাতত চাপৰি বজাই নিন্দা কৰিলে, তাতে তেওঁ বৰ লাজ পাই তললৈ মুখ কৰি ঘৰলৈ জাওঁতে চেটাইৰচ নামে এজন সদ্বক্তা তেওঁৰ মিত্ৰে বাটত লগপাই দিমস্তিনিচ, বিমৰ্স হোৱাৰ কাৰণ সুনি কলে, বলে, মিত্ৰ এইবোৰ দোস গুচাবৰ উপাই আছে, পাচে তেওঁ এক কাব্যৰ সোক মাতিব দিলত দিমস্তিনিচে গালে, অৰ পাচত চেটাইৰচে এনেহে মাত আৰু ভঙ্গিবে গালে জে দিমস্তিনিচে কলে, বোলে, মই মতা সোক ই নহই। তেতিই দিমস্তিনিচে আপোনাৰ দোস জানি সেই দোসবোৰ গুচাবৰ নিমিতে বৰকৈ পুৰুসাৰ্থ কৰিব ধৰিলে। | তেওঁৰ মাতব সভাৱিক জি দোস আচিল তাকে গুচাবৰ নিমিতে, আৰু উচাৰন ভাল কৰিবৰ নিমিতে জি স্ৰম কৰিছিল তাক পতিয়াব নলগাই প্ৰাই; তাৰে পৰা আমি জানো জে থিৰ প্ৰতিগ্য হৈ শ্ৰম কৰিলে সকলো দোসকে গুচাব পাৰি। | তেও এনেহে খোন আচিল জে কেতবোেৰ আখবকে উচাৰণ কৰিব নোৱাৰিচিল, এই দোস গুচাবলৈ তেওঁ সৰু সৰু সিল গুটি মুখত লৈ পহিছিল। তেওঁৰ উসাহ নিচেই ছুটি আচিল, এই দোস গুচাবলৈ তেওঁ নথকাকৈ সেলাক সাতি বৰ ওখ পৰ্বতলৈ উঠিচিল আৰু সমাজত মানুহৰ হাইতে তেওঁব মত সুনিব পৰা কৰিবৰ নিমিতে সাগৰৰ তিৰলৈ গৈ পানিব ৰেীৰোৱনিত বক্তিতা কবিচিল। দিমস্তিনিচে মাত ভাল কৰিবলৈ জিমান জত্ন কৰিলে মুদ্ৰা দিবলৈকো তাতকৈ অলপ পুৰুসাৰ্থ কৰা নাচিল, তেওঁৰ ঘৰত এখন আৰ্চি আচিল তাকে আগত থৈ। মুদ্ৰা দিবলৈ সিকিচিল, আৰু জি কথা সভাৰ অগিত কব লাগে তাক তেওঁ আগৈ আৰ্চি আগত থৈ কেই বেলি মান ঘবতে আওৰাই পাচেহে সভাত কৈছিল, তেওঁ বক্তিতা কৰাৰ সময়ত কান্ধ নচুআইছিল, এই দোস সোধন কৰিবৰ নিমিতে জত থিয় হৈ বক্তিতা সিকিচিল তাৰ ওপৰত এখন তৰোআল ওলমাই থৈচিল, পাচে তাৰে তলত থিয় দি বক্তিতা কৰোঁতে কান্ধ নচুআলে তৰোআলৰ আগ লাগিছিল, এনেকৈ কান্ধ নচুআ স্বভাৱ গুচিল। | তেওঁ বিদ্যা সিকিবলৈ জেনে স্ৰম কৰিচিল সিও সৰু আচৰিত নহই, মানুহৰ মাজত থাকিলে হাইত বিদ্যা সিখ্যা নহব বুলি ভই কৰি তেও মাটিৰ তলত এটা ঘৰ কৰি তাতে (এটা চাকি লগাই পহিফিল, আৰু কেতিয়াবা কেতিয়াবা দুমাহ তিন মাহলৈকে তাতে সোমাই আচিল, সেই গাঁতত চাকিৰ পোহৰত তেওঁ জি বক্তিতা ৰচনা কৰিচিল তাক তেওঁক হিংসা কৰা বোৰে তেল তেল গোন্ধাই বুলি কৈচিল।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৩০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই