হই, ভিন দেসৰ পৰ৷ কপাহ নি ভাপৰ কলেৰে কপিৰ কৰে, আৰু এপখৰ বন এক মুহুতৰ্কত হই। ক্ৰিসি কৰমতও ইংলণ্ড ঘাটি নহই, অসমত জদি পুৰাৰ মাটিত দহ টকা উত্পন ইই তাত দহ গুনে বহা হই, কিয়নো তাৰ খেতিয়কবিলাক বহ বুধিয়ক। ইংলণ্ডৰ বানিজ্য অসিম আৰু প্ৰিথিবিৰ সকলো ঠাইলৈকে ইংৰাজৰ জাহাজ বেপাৰলৈ জাই।
ইংলও দেসত প্ৰাই এক কোটি চলিচ লাখ মান লোক আচে। ইংৰাজ সকল অতি স্বাধিন অৰ্থাৎ কাৰো তলতিয়া হৈ থাকিব নোখোজ; সিবিলাক বৰ সাহিয়াল, পৰিস্ৰমি, আৰু সিল্প কৰম আদিত বৰ পাৰ্গত। প্ৰিথিবিৰ কোনো দেসত বিদ্যাৰ অনুসিলন বহাকৈ নহই। ইংলণ্ডত ভাল মানুহৰ সন্তান সকলক পাবলৈ অসংখ্য পঢ়াসালি আছে, তাত বাজে জি সকল লোেক দুখিয়া আৰু ধন ভগন কৰি পৰ্হিব নোআৰে সিহঁতৰ গিয়ানলৈ দেসৰ ধনৱন্ত সকলে অপোনাৰ ধনেৰে পৰ্যাসালি হেজাৰে হেজাৰে পাতিচে। এই ৰূপে দেসৰ আটাইৰে গিয়ান বাহি সুতৰাং ধমন্ত হৈছে। ইংৰাজৰ ভাসাৰে লাখে লাখে পুথি নানা বিদ্যা বিসয়ক আচে, আৰু লোকৰ এনেহে বিদ্যাত মন জে এই নিতে নতুন পুথি ৰচনা হৈ আচে।
ইংলণ্ড দেশৰ আন আন ব্ৰিোন্ত জেনে আচৰিত তাৰ ৰাজ্য সাসনৰ কথাও গতকৈ সৰু আচৰিত নহই। সি ৰজা এজনা আৰু পাৰ্লিমেন্ট নামে এখন বৰ সভাৰ দোআৰাই সাসিত হৈচে। দেসত বৰ বিসয়া আৰু বিস্যপ নামে জি ধৰম অধিপতি সকল আচে সিবিলাকৰ এক সভা, আৰু প্ৰজা সকলৰ প্ৰতিনিধিবিলাকৰ এক সভা, এই দুই সভাই পাৰ্লিমেন্ট। সেই পাৰ্লিমেন্টে দেস সাসনৰ বেৱস্থা কৰাই, আৰু খাটনি ধনো তাৰ অনুমতিৰেহে সধা হই। এই ৰূপে ৰজাই স্বতন্ত্ৰ হৈ একোকে কৰিব নোআৰে আৰু বেৱস্থাত নিসেধ কোনো কৰম কৰিবৰ অখ্যম। ইংৰাজৰ দেঁসত বচৰি একাৱন কোটি টকা কঁটল উতপন হই।
আন সকলো কথাতকৈ ইংৰাজৰ বুৰঞ্জি জনা বৰ আৱশ্যক ১৯০০ বচৰৰ পুৰ্বে ইংৰাজবিলাক অতি অসভ্য আচিল। সিহঁতে কাপৰ পিন্ধিব নেজানি নাঙ্গটে ফুৰি গাবোৰত আকিচিল, হাবিত বাস কৰিচিল আৰু গাঁত বা গচৰ ডালি আৰু পাতেৰে সজা ঘৰত থাকি খ্ৰিগয়া কৰি জি মঙ্গহ পাই, তাকে খাই প্ৰান ধাৰন কৰি চিল। সিহঁত তেতিয়া নিচেই আগিযান আচিল, আৰু পুৰোহিত হঁতেহে বিদ্যা জানিচিল। সিহঁতে প্ৰতিমা পুজা কৰিচিল আৰু অনেক অকৰমো কৰিচিল;