পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জাকিৰ জাত্ৰা। তেতিয়া খিস্তিয়ানে কলে, মই আনন্দিত হৈও কঁপি আৰ্চে। এইৰুপে সোমালত দুআৰৰ গৰাকিয়ে তাত সুধিলে, ইয়ালৈ আহিবলৈ তোমাক কোনে পাঁচিলে? খি ষ্টিয়ান। ইয়ালৈ আহি দুআৰত চপৰিয়াবলৈ উপদেসক নামে এজনে মোক পচাতে তাক কৰিলে; আৰু মই কি কৰিব লগা, আপুনি জে তাক কব, ইয়াকো তেওঁ কৈচে। হিত-বাঞ্চক। তোমাৰ আগত এখন দুআৰ মুকলি কৰা হৈচে, তাক কোনেও বন্ধ কৰিব নোআৰে। খ্ৰিষ্টিয়ান। মোৰ জি আপদৰ সট পালো, এতিমাহে তাৰ লাভৰ আৰম্ভন পোআ হৈৰ্চো। হিত-বাঞ্চক। কিন্তু তুমি জে অকলেই আহিচা, ইয়াৰ কি কাৰন : খিষ্টিয়ান। কান, মই জেনে আপদৰ ভই দেখিলে, মোৰ চুবুৰিয়া বিলাকৰ কেৰে আপোনাৰ তেনে আপদব ভই নেদেখিলে। হিত-বাঞ্চক। তুমি তাহিৰৰ কথা চুবুৰিয়াবিলাকে বুজ পাইচিল নে? খি ষ্টিয়ান। হই, বুজিলে; মোৰ লৰা তিৰোতাও প্ৰথমতে মোক দেখি, উভতি জাবলৈ মাতিলে, পচে চুবুৰিৰ কোনো কোনো লোকে থিম হই চাই কান্দি কান্দি উভতি অহা বুলি কলে; কিন্তু মই কানত সেপাদি মোৰ বাটে আহিলে।। হিত-বাঞ্চক। তোমাৰ মন ওভভাবলৈ সিবিলাকৰ কোনো তোমাৰ পাচত গৈচিল নে? খি ষ্টিয়ান। দুজন গৈঢ়িল, মইমতালি আৰু তবল; কিন্তু মোক ওভোতাব নোআৰে দেখি, মইমতলিয়ে নিন্দা কবি গুচি গল; তবল হলে কিচুমান আহিল। হিত-বাঞ্চক। সি কি কাৰনে অন্তলৈকে নাহিল? খি ষ্টিয়ান। নিৰ্ভাৰসা দলদলনিলৈকে আমি দুয়ো একে লগে আহিলে হই, আৰু অকস্মিতে তাতে পৰিলে। তেতিয়া তৰল চুবুৰিয়াই নিৰাসা হই পৰি আৰু বাট আহিবলৈ সাহ নেপালে। পাচে দলদলনিৰ পৰা আপোন ঘৰৰ ফালে ওলাই সি মোত কলে, মই ভাগি নোহোআকৈ তুমি সেই সুন্দৰ ৰাজ্য পাবা; ইয়াকে কৈ সি অপোনাৰ বাটে মইমতালিৰ পাচলৈ গৈচে, ময়ো আপোনাৰ বাটে এই দুআৰলৈ আহিৰ্চো।