জাত্ৰিকৰ জাত্ৰা। এই কথা শুনি খ্ৰিষ্টিয়ান সংসয়ত পৰি কিচু কাল ৰৈ থাকি, পাচে থিৰ কৰি মনতে বুলিলে, এই জন মহন্ত লোকে জি বৈচে, সেয়ে জদি স্বৰুপ হই, তেন্তে তেওঁৰ বুধি লোঅ মোৰ ভাল। ইয়াকে ভাবি আকও তেওঁত এই ৰুপে সুধিলে, বোলে, আতা, সেই উতম লোকৰ ঘৰলৈ কোন পোনে বাট? সংসাৰ গিয়ানি। সৌ কিচু ওখ ঢোকা পৰ্বত দেখিচা নে? খি ষ্টিয়ান। হই ভালকৈ দেখিচো। সংসাৰ গিয়ানি। বাৰু, সেই পৰতৰ দাতি এই জাব লাগে; প্ৰথমতে জি ঘৰ পাই, সেয়ে।। | এতেকে খিঠিয়ান তপোনাৰ পথৰ পৰা এফলিয়া হৈ, উপকাৰ পাৰৰ নিমিতে সিজুত বিধান-সিখ্যকৰ ঘৰলৈ জীবলৈ ধৰিলে; কিন্তু দেখো, জেতিয়া পৰ্বতৰ ওচৰ পালে, তেতিয়া তাক বৰ ও জেন দেখে; আৰু ৰাটৰ ওচৰে জি ফাল আচিল, সি অতি আহুনিয়া গবা, আৰু তাৰ মুৰত পৰে বুলি ভই লাগি, খি ষ্টিয়ানে আৰু জাবলৈ সাহ নেই, কি কৰিম বুলি নেজানি থোহ মোহ কৈ থিয় হৈ থাকিল। আৰু তেতিয়া তাৰ বোজা আগতকেও গধুৰ জেন বুজে; আৰু পৰ্বতৰ পৰা জুইৰ সিখা ওলোআত, সি পোৰে বুলি বৰ ভই কবিলে; তাতে খি ছিয়ানব গাৰ ঘাম ওলাবলৈ ধৰি সি কঁপি কঁপি আচিল। তেতিয়া সংসাৰ গিয়ানিৰ আলচ লোআৰ কাৰনে তাৰ মনত বৰ খেদ হৈচিল। এনে সময়ত উপদেসকক তালৈ পোনাই ওচৰলৈ আহিবৰ দেখিলে, তেওঁক দেখি খিস্তিয়ানৰ মুখ লাজেৰে তেজ জেন ৰজা হৈ গল। পাচে উপদেসক ক্ৰমেৰে চাপি চাপি তাৰ ওচৰ পালত গম্ভিৰ আৰু ভয়ানক বদনেৰে তালৈ চাই, তাব দেসি বুজাবলৈ ধৰি বুলিলে, এই ঠাইত কি কৰা, খি ষ্টিয়ান? সেই কথা শুনি খি ষ্টিয়ানে কি উতৰ দিম, তাক নেজানি বোব হৈ থাকিল। তেতিয়া উপদেসকে আৰু বুলিলে, মই জি মানুহ বিনাস নগৰৰ গৰৰ বাহিৰে কালি থকা দেখিলো, তুমি সেইটো নোহোআনে? | খি ষ্টিয়ান। হই প্ৰিয় আতা, সেই মানুহ হও। উপদেসক। সেই সৰু দুৰলৈ মই তোমাক বাট দেখুউআ নাই নে? খি ষ্টিয়ানে বোলে, হই, প্ৰিয় আত।। উপদেসক। তেন্তে কি কাৰনে এইমান বেগতে বাটৰ পৰা এফলিয়াহৈ গৈচা? কিয়নো এইটো তোমাৰ বাট নহই।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১১১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই