৮৮ অসমীয়া সাহিত্যৰ চানেকি। সাহিয়াল হৈ আচিলা; মই সেই দৰে কৰা হলে অলপমান দুখ পপআৰ কাৰনে হুহকি আহিবলৈ এই মান অধম নহলো হেঁতেন। এনে কথা শুনি তৰলে লাজ পাই তল মুৰ কৰি সিহঁতৰ মাজত বহি থাকিল; কিন্তু পাচে সি অলপমান সাহ পালত সিহঁতে তাৰ কথা এৰি, সাখ্যাত নোহো আ জি খিস্টিয়ান, তেওঁক নিন্দা কৰিবলৈ ধৰিলে। তৰলৰ বিবৰনত এই কথা মাথোন। জালিক জানা, ২ অধ্যা। The Pilgrim's Progress, Chapter 2. পাচে খি ষ্টিয়ান অকলেই ফুৰি জোৰ সময়ত এটা মানুহক দুৰৈৰ পৰা পথাৰ পাৰ হৈ আহিবৰ দেখিলে। পাচে ওচৰ চাপোতে দুইৰো বাট জোৰা খোকা ঠাইতে দৈবজোগে একে কালে সমুখ। সমুখি হল। সেই মানুহব নাম সিজুত সংসাৰ-গিয়ানি, তেওঁ সাৰিবিক-বুধি গাঁৱত থাকে; সেয়ে বৰ গাও, খিষ্টিয়ান অগেয়ে থকা ঠাইৰ ওচৰ। সেই জনে খিঠিয়ানক দেখি তাৰ কথাত কিচু উমান ধৰিলে; কিয়নো বিনাস মগৰৰ পৰা খি ষ্টিয়ান ওলাই জোৰ কথা কোকা-কুই কৰাত বৰকৈ খিয়াতি হল; অকল আপোন নগৰত নহই, আনঠাইলৈকে বিয়াপিব ধৰিলে। সেই নিমিতে সংসাব-গিয়ানি এ তাক ইমান এমেৰে জোআ আৰু তাৰ হুমুনিয়াহ কেঁকনি দেখি, তাৰ কিচু ভু ধবি কথোপকথন হবলৈ এই ৰুপে আৰম্ভন কৰিলে। হেৰা ভকত, ভাৰেৰে ইমান দুখিত হৈ কলৈ জোঅ? খি ষ্টিয়ান! ভৰেৰে অতি দুখিত হৈৰ্চো হই বাপু, মই ভাবিচো, মোতকৈ দুখিত প্ৰানি কেতিয়াও নাচিল। আৰু কলৈ জোআ বুলি তুমি জে সুধিচা, তাকো কঁও, বাপু সুনা; সৌৱা জি সৰু দুৰ মোৰ আগত আছে, তালৈকে আহিৰ্চো; কিয়নো সেই ঠাইতে মোৰ এই গধুৰ বোজ গুচাবৰ উপাই সুনিম, ইয়াকে মোক বুজাইচে। | সংসাৰ গিয়ানি। তোমাৰ লৰা তিৰোতা আচেনে? খি ষ্টিয়ান। আচে হই, কিন্তু এই ভাৰেৰে দুখিত হোআৰ কাৰনে আগৰ নিচিনাকৈ এতিয়া সিবিলাকত সন্তোস নেপাওঁ; মনেৰে সেই বিলাক নথকা জেন হৈৰ্চো।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১০৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই