পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮২
অসমীয়া সাহিত্যৰ চানেকি।

উপদেসকে এখন বহল পথৰৰ সি ফাললৈ অঙ্গুলিৰে পোনাই দেখুআই বুলিলে, সৌখন সৰু দুখৰ দেখিচানে? সি কলে, নেদেখোঁ তেতিয়া আকও সুধিলে, সৌ খিন্তে জলি থকা দিপ্তি, তাক দেখিচানে? সি বুলিলে, মই দেখোঁ জেন কৰে। তেতিয়া উপদেসকে কলে, সেই দিপ্তি তোমাৰ ঢকুত লগাই ৰাখি তালৈ পোনাই গৈ থাকিবা, তেহে দুআৰ দেখিবা; তাত চপৰিয়ালে তুমি কি কৰিবলাগে, তাক তোমত কোআজাব।

 সেইৰুপে মই সমাজিকত দেখোঁতে সেই মানুহে লৰিবলৈ ধৰিলে। আপোনাৰ ঘৰৰ পৰা বৰ আঁতৰ নৌ হওতে লৰা তিৰোতাই তাক জোআ দেখি, ৰিঙ্গিয়াই উভতি আহিবলৈ মাতিলে; কিন্তু সি কানত সোপা দি, পৰম অয়ুস, পৰম অয়ুস, অনন্ত পৰম অয়ুস বুলি লৰিগৈ, পাচলৈ নেচাই পথাৰৰ মাজলৈ পলাই গল।

 আৰু সেই মানুহৰ চুবুৰিয়া চিনাকিবোৰে তাক চাবলৈ ওলাই, এই ৰুপে লৰিবৰ দেখি, কোনো কোনো এ ইতিকিঙ্গ কৰিলে, কেতবোৰে ভয় দেখাই থমকাব ধৰিলে, কেতবোৰে ৰিঙ্গমাৰি উভতি আঁহা বুলি মাতিলে। সিহঁতৰ মাজত দুজনে বলেৰে সৈতে তাক ধৰি আনিবলৈ ঠাৱৰ কৰিলে; সিবিলাকৰ এটাৰ নাম মইমতালি, এটাৰ নাম তবল। তেতিয়া সেই মানুহ তাৰ পৰা বৰ দুৰ হল; কিন্তু সেই দুজনে খেদিবলৈ মন থিৰ হৈ তাৰ পাচে পাচে লৰি গৈ অলপ কালতে তাৰ ওচৰ পালেগৈ। তেতিয়া সেই মানুহে সিবিলাকত সুধিলে, বোলে, হেৰা চুবুৰিয়া লোক, কি কাৰনে আহিচাহঁক? তাতে সিহঁতে কলে, আমাৰ লগত উভতি জাবলৈ তোমাক মিনতি কৰিবৰ নিমিতে আহিচোঁ। কিন্তু সি বুলিলে, সেই কথা কেতিয়াও হব নোআৰে; কিয়নো জি নগৰত ময়ো জনম পালোঁ, সেই বিনাস নগৰত তোমালোক থাকা; সি নষ্ট হব লগা, ইয়াক মই এতিয়া নিশ্চয়ে জানোঁ। তোমালোকে তাত থাকি কাল ক্ৰমে মৰিলেই, মৈদামতকৈও তল হোআ গন্ধক আৰু অগ্নি থকা ঠাইত পৰিবাগৈ। এই কাৰনে মোৰ প্ৰিয় চুবুৰিয়াবিলাক, এই কথাত মনজুৰ হৈ মোৰ লগত চলি আঁহাহঁক।

 তাতে মইমতালিয়ে বুলিলে, কি! আমাৰ মিতিৰ, কুটুম, সুখভোগ আটাইকে এৰি তোমাৰ লগত জাম নে? তেতিয়া সেই মানুহ, (জাৰ নাম খ্ৰিষ্টিয়ান, ) সি এই উতৰ কৰিলে, হই, ভাই, এৰিব লাগে; কিয়নো মই জি সুখ ভোগ বিচাৰিচোঁ, তাৰ একন মানেৰেও তোমালোকে এতিয়া ভোগ কৰা সকলো