৮১ জাত্ৰিকৰ জাত্ৰা। এই কাৰনে টোপনি এ নধৰি দিঘল নিস্বাস, চকুৰ লোএৰে নিসা নিয়ালে। পাচে ৰাতিপুআলত তোমাৰ কেনে হৈছে বুলি সিহঁতে সুধিলে। সি কলে, বেলে, কেৱল বেয়া। পাচে সিহঁতক আগৰ কথা কবলৈ ধৰাত সিহঁতৰ টান মন হৈ আওকান কৰিলে; আৰু চোকা কঠিন বেৱহাৰেৰে ইয়াৰ ৰোগ গুচম বুলি মনেৰে পাঙ্গিলে; কেতিয়াবা তাক নিন্দা কৰে, কেতিয়াবা ডাবি দিএ, কেতিয়াবা এবি, তাৰে সৈতে একো নকই। এই হেতুকে সিহঁতলৈ মৰম লাগি, সিহতৰ নিমিতে প্ৰাৰ্থনা কৰিবলৈ আৰু আপোন দুখৰ সোক কৰিবৰ নিমিতে সি আপোনাৰ গোটালি সোমাই, সোমাই থাকিবলৈ ধৰিলে। আৰু কেতিয়াবা পুথি পহি, কেতিয়াবা প্ৰাৰ্থনা কৰি, খেতি পথাৰত অকলশৰে ফুৰি ফুৰি থাকে। এই ৰুপে কেতখনি দিন কাল নিয়ালে। পাচে এদিনা পথাৰত ফুৰি আপোন আচাৰৰ দৰে পুথি পহি মনে বৰ অসন্তোস হোআ তাক দেখিলোঁ, আৰু পহি চাওতে আগৰ দৰে ফুটাই এটাহ পাৰি বুলিলে, পৰিত্ৰান পাবলৈ মই কি কৰিম? আৰু ইফালে সিফালে চাই লৰ মাৰি জাব খোজ। জেন তাক দেখিলো; কিন্তু কোনবান্টে বাম, ইয়াক বুজিব নোআৰি বৈ আচিল। তেতিয়া উপদেসক নামে এজন মানুহক তাৰ ওচৰলৈ জাবৰ দেখিলোঁ। সি তাত সুধিলে বোলে তুমি কিয় কালিচা? সি কলে, হে আতা, মোৰ হাতত জি পুথি আচে, তাৰে বুজিৰ্চো, মই মৰিবলৈ দণ্ডৰ আগ্য। আচে তাৰ পাচে সোধলৈ আহিবলগা, তাক কৰিবলৈ মোৰ ইচা নাই, ইয়াকে। কৰিবলৈ সক্তি নাই, মই বিবেচনা কৰি ইয়াকে জানো। তেতিয়া উপদেসকে কলে, জিয়াই থকাত কত দুখ আচে, যাকে দেখি, কিয় মৰিবলৈ ইচা নাই? তাতে সেই মানুহে উতৰ কৰিলে, কাৰন এই, মোৰ পিঠিত জি ভাৰ আচে, সি মোক মৈদামতকৈ তললৈ নিব, আৰু মই পতালত পৰিম, ইয়ালৈ মোৰ ভয়। হে আত, মই যদি বন্দিসালত সোমাবলৈ জুগুত নহও, তেন্তে সোধলৈ আৰু তাৰপৰা দণ্ডলৈকো জাবলৈ কোনো মতে সমৰ্থ নহও; এই বিলাক কথা ভাবিই কান্দে।। | তেতিয়া উপদেসকে কলে, তোমাৰ জদি এনে অৱস্থা হই, কি কাৰনে থিয় হৈ ৰৈ আচা? সি উতৰ কৰিলে, কোনপোনে জাবলাগে, তাক মই নেজানে। তেতিয়া উপদেসকে তাক এখন মুৰিও চাল দিলে, তাৰ ভিতৰ ফালে এনে লিখা আচিল, “আগলৈ হবলগা ক্ৰোধৰ পৰা পলাইজাবা। সি তাক পহি উপদেসকলৈ একে ঠৰে চাই সুধিলে, কোন ফাললৈ পলাব লাগে? তাতে ১১
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১০১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই