পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৩৯
ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।

চম্পক কেটকী বনৰ মাঝত,
 ক্ৰীড়িবে ৰাধা কৃষ্ণৰ।
ৰত্নৰ মণ্ডপ নিৰ্ম্মিয়া থৈলন্ত,
 জ্বলে যেন দিবাকৰ॥
গৃহৰ চৌপাশে মণিময় বেঢ়ি
 ৰত্নে বিৰচিলা তাত।
যেহেন সূৰ্য্যক মণ্ডলে শোভয়,
 তেমত দেখি সাক্ষাত॥
সুবৰ্ণৰ খাট ৰত্নময় তাত,
 প্ৰকাশয় অঙ্গ তুলি।
আতি মনোময় অধিকে জ্বলয়,
 ৰত্নৰ কাম সমূলি॥
নৱ খান দ্বাৰ গৃহত দিলেক,
 জ্বলয় কপাট চয়।
ৰত্নময় চিত্ৰ তিনি কোটি ঘটে,
 আবৰি বাৰে জ্বলয়॥
জ্বলে নৱ গোটা খটখটি আতি,
 মণিময় সুশোভিত।
গৃহৰ উপৰে ৰত্ন সাৰময়,
 ঘটেও আছে জ্বলিত॥
পতাকা তোৰণে শ্বেত চামৰেও,
 জ্বলে আতি সুশোভন।
ক্ৰীড়া মণ্ডপৰ আগত জ্বলয়,
 অমূল্য ৰত্ন দৰ্পন॥
দীৰ্ঘে শত ধনু প্ৰস্থে শত হস্ত,
 ৰাস গৃহ মনোময়।
বৰ্ত্তুল আকাৰ দেখিতে সুঠান,
 বহ্নি শিখা যেন নয়॥