পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩২
অসমীয়া সাহিত্যৰ চানেকি

তথাপিতো ভুঞ্জিবাক নভৈলা তৃপিতি।
জয় কৃষ্ণ বুলি গৃহে কৰিলন্ত গতি॥
শিশু সমে গৈলা কৃষ্ণ আপোনাৰ পুৰ।
মহা সুখ মনে পাইলা আনন্দ প্ৰচুৰ॥

কৃষ্ণৰ চৰিত্ৰ পুণ্য মাঙ্গল্য মঙ্গল।
গোপী সকলৰ বস্ত্ৰ হৰণ সকল॥
কহিলোঁ নাৰদ মুনি যেন গৌৰীব্ৰত।
যি পুচিলা কৈলোঁ মই তোমাত সাম্প্ৰত॥

শুনা সৰ্ব্বজন ইতো পুৰাণৰ পদ।
শ্ৰৱণ মাত্ৰকে আক খণ্ডয় আপদ॥
অমৃততোধিক ইতো হৰিৰ চৰিত্ৰ।
যাহাকে শুনিলে হয় পাপীও পবিত্ৰ॥

কলিৰ কালত জানা সমস্তে লোকক।
মুহিলা কৃষ্ণৰ মায়া তেজিলা ধৰ্ম্মক॥
অনন্ত শৰণ লৱা ভজা নাৰায়ণ।
হৰি সুপ্ৰসন্নে পাপ হৈবেক নাশন॥

বিষয়ত আশকতি নহৈবাহা বৰ।
হৰিক ভজিয়ো সঙ্গ লৈয়ো বৈষ্ণৱৰ॥
কহে বিপ্ৰ নৰোত্তমে দীন হীন মতি।
বোলা শিৱ ৰাম তেবে তৰিবা দুৰ্গতি॥