পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২২০
অসমীয়া সাহিত্যৰ চানেকি

কেহো বোলে মহাবীৰ পাণ্ডুৰ নন্দন।
কেহো বোলে লঘু হস্ত ৰাজা দুৰ্য্যোধন॥
কতো বীৰ জন গদা যুদ্ধক দেখিয়া।
চিত্ৰৰ পুতলী যেন ৰহিল চাহিয়া॥

তেবে ক্ৰুদ্ধ মনে দুয়ো বাৰ মহাদ্ৰুত।
জন্যে অন্যে ধাইলা যেন দুই ঐৰাৱত।
পৰস্পৰে প্ৰহাৰ কৰিলা দুইকো দুই।
বজ্ৰপাত ভৈল যেন উঠলিল জুই॥

দুইহানো আক্ৰোশে পাছে দেখি ভৰদ্বাজে।
অশ্বথামা পুত্ৰক বুলিলা দ্বিজৰাজে।
শীঘ্ৰে আশ্বত্থামা দুইকো কৰা নিবাৰণ।
কৌতুকতে কেন দেখা মিলে ঘোৰ ৰণ॥

পিতৃৰ বচনে অশ্বথামা ধৰ্ম্মশীল।
মাঝত পশিয়া দ্ৰৌণী দুইকো নিবাৰিল।
যত ৰাজ পুত্ৰ যত কৌৰৱ পাণ্ডৱে।
গুৰুৰ পুত্ৰত আছে সবাৰেসে সেৱে॥

অনন্তৰে গুৰু ভৰদ্বাজৰ তনয়।
সভাসদ সবাক বুলিলা সে সময়॥
পুত্ৰতো অধিক মোৰ যিতো প্ৰিয়তম।
পৃথিবীত ধনুৰ্দ্ধৰ নাহি যাৰ সম॥

জিতেন্দ্ৰিয় মাঝে যিতো পৰম সংযমী।
ইন্দ্ৰৰ তনয় যিতো মহাপৰাক্ৰমী॥
কহিতে নপাৰি চাৰি মুখে যাৰ গুণ।
হেন শিষ্য প্ৰিয় মোৰ পাণ্ডৱ অৰ্জ্জুন॥

আমাতে ভকত গুণৱন্ত শুদ্ধ মতি।
হেন ধনঞ্জয় শিক্ষা দেখাওঁ সম্প্ৰতি।॥
ৰাজ গুৰু বুলি সবে প্ৰশংসিছা মোক।
হেন বীৰ মহাঅস্ত্ৰ শিক্ষা নিৰেদোক॥