পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২০৮
অসমীয়া সাহিত্যৰ চানেকি

বেলন্ত ভীমৰ কাৰ্য্য অতি অদভুত।
অৰ্জুনেও পৰাক্ৰম কৰিলা বহুত॥
অদ্ভুত কৰ্ম্মক দেখি সমস্তে নৃপতি।
পাণ্ডৱ বুলিয়া কিবা চিনন্ত সম্প্ৰতি॥

এহিমতে গুণি গান্থি কৃষ্ণ কৃপাময়।
নৃপতি গণক চাই বুলিলা বিনয়॥
শুনিয়োক মোৰ বাক্য নৃপতি সকল।
ব্ৰাহ্মণ সহিতে তোবা এবিয়ে। কন্দল॥

ধৰ্ম্মে থাকি দ্ৰৌপদীক পাইলন্ত ব্ৰাহ্মণে।
তাক লাগি তোৰা যুদ্ধ কৰা কি কাৰণে॥
মোৰ বাক্য ধৰা তোৰা সমস্তে নৃপতি।
দ্ৰৌপদীৰ অৰ্থে যুদ্ধ এৰিয়ো সম্প্ৰতি॥

কৃষ্ণৰ বচন শুনি সবে ৰাজাগণ।
ব্ৰাহ্মণ সহিত যুদ্ধ এৰিলা তেখন॥
সমস্ত নৃপতি পাছে অসন্তোষ কৰি।
লাজে অধোমুখ হৈয়া গৈলা ঘৰঘৰি॥