পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯৯
মহাভাৰত।

সহদেৱ নকুল সহিতে চাৰি ভাই।
সমাজ মাঝৰ পৰা পাচে ঘৰে গই।
দেখিলন্ত পাচে শান্তী দ্ৰৌপদী সুন্দৰী।
ব্ৰাহ্মণে মৎস্যক কাটিলন্ত ৰঙ্গ কৰি॥

ৰূপে গুণে ইন্দ্ৰ সম দেখি অৰ্জ্জুনক।
নানাবিধ অলঙ্কাৰে মণ্ডি শৰীৰক॥
সুবৰ্ণৰ মালা ধৰি দ্ৰৌপদী সুন্দৰী।
অৰ্জ্জুনৰ পাশক যাহান্ত ৰঙ্গ কৰি॥

মাথাত উৰুণী দিয়া আতি লজ্জাৱতী।
ধীৰে ধীৰে চলি যান্ত অৰ্জ্জুনৰ ভিতি।
সুবৰ্ণৰ মালা খানি দিয়া অৰ্জ্জুনক।
নমিলন্ত সুন্দৰী দ্ৰৌপদী পাণ্ডৱক॥

অৰ্জ্জুনেও দ্ৰৌপদীৰ হাতত ধৰিয়া।
আনিলন্ত আপুনাৰ পাশক লাগিয়া।
দ্ৰোপদীৰ ৰূপ দেখি সিতো ৰাজাগণ।
কামবাণে পীড়িয়া আকুল কৰে মন॥

কি কাৰণে জীওঁ আমি সমস্ত নৃপতি।
দ্ৰৌপদীক জিনি নেই ব্ৰাহ্মণে সম্প্ৰতি॥
এহি বুলি ৰাজাগণে চাহিয়া আছন্ত।
দ্ৰৌপদীৰ হাতত অৰ্জ্জুনে ধৰিলন্ত॥

হাতে ধৰি দ্ৰৌপদীক নেহেন্ত ব্ৰাহ্মণে।
ব্ৰাহ্মণক অনেক পূজিলা ঋষিগণে।
দ্ৰৌপদী সহিতে ৰঙ্গে অৰ্জ্জুন মহন্ত।
ঘৰক যাইতে লাগি মন কৰিলন্ত॥

সেহি সময়ত পাছে সমস্ত নৃপতি।
দ্ৰুপদ ৰাজাক কোপ কৰিলন্ত আতি।
অন্যো অন্যে ৰাজাগণে ক্ৰোধিয়া বোলন্ত।
দেশ হস্তে আমাক মতাই আনিলন্ত॥