পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭১
ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ।

জয় শব্দ শঙ্খ ধ্বনি তুৰি শব্দ যত।
সেহি বেলা কৰিলন্ত সমস্তে লোকত॥
অনন্তৰে জন্মকালে পৃথিবী আসিয়া।
প্ৰবেশিলা সতী নাৰী ৰূপক ধৰিয়া॥

নাৰীৰ লগত ভূমি সদৰি কৃষ্ণক।
মনে নমি প্ৰবেশিল সূতি মন্দিৰক॥
আত অনন্তৰে দেবী দেবকী ভূমিত।
বেদনায়ে পড়িলন্ত হুয়া বিমূৰ্চ্ছিত॥

দেৱকী উদৰ হন্তে সেহি সময়ত।
বায়ু বাজ ভৈল শ্ৰুতি নাহি শৰীৰত॥
সেহি সময়ত কৃষ্ণে দিব্য ৰূপধৰি।
দেৱকীৰ হৃদি পদ্ম হন্তে লীলা কৰি॥

আবিৰ্ভাব ভৈল কৃষ্ণ শৰীৰ সুন্দৰ।
অতি কমনীয় ৰূপ জগত ঈশ্বৰ॥
দ্বিভুজ মুৰলী হস্তে প্ৰকাশ কৰয়।
মকৰ কুণ্ডল দুই কৰ্ণত শোভয়॥

প্ৰসন্ন হসিত হাসি মুখে মনোহৰ।
ভকতক অনুগ্ৰহে হোৱন্ত কাতৰ॥
মনীন্দ্ৰ ৰতন সাৰে ভূষণে ভূষিত।
শ্ৰীবৎস কৌস্তুভ হৃদয়ত প্ৰকাশিত॥

কিশোৰ বৰিষ শান্ত কান্ত মনোহৰ।
ব্ৰহ্মা হৰ আদি কৰি সমস্তুৰে পৰ॥
পূৰ্ব্বে বসুদেৱে হেন ৰূপক দেখিলা।
মহাহৰ্ষে দেবকীয়ো পাছে নিৰখিলা॥

পৰম বিস্ময় মন ভৈল দুইহান্তৰ।
ভক্তি ভাৱে নম্ৰ কৰি আপোন কন্ধৰ॥
চক্ষুৰ লোতকে পূৰ্ণ পুলক শৰীৰ।
দেৱকী সহিতে বসুদেৱ মহাধীৰ॥