পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬৯
ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ।

ব্ৰহ্মা হৰ ধৰ্ম্ম তিনি দেৱ মধ্যেবৰ।
দেৱকী উদৰে কৃষ্ণ জগত ঈশ্বৰ॥
দেৱগণ নিগদতি অনন্ত অব্যয়।
জগত যোনি তুমি অযোনি নিশ্চয়॥

কান্তিৰ স্বৰূপ আদি নিৰ্গুণ মহন্ত।
গুণাশ্ৰয়ে সগুণ হোৱাহা ভগৱন্ত॥
ভক্ত ধ্যান অনুৰোধে ধৰাহা সাকাৰ।
নিৰ্ব্যূহ যোগী ৰঙ্কুশ তুমি নিৰাকাৰ॥

আনো নানা তুতি দেৱে কৰিল বিস্তৰ।
নকৰিলোঁ পদ আমি বাহুল্যক ভয়॥
এহি তুতি কৰি দেৱে নমি বাৰম্বাৰ।
আনন্দ লোতক বহি যাই ধাৰাসাৰ॥

আকাশৰ পৰা দেৱে পুষ্প বৰিষিলা।
নিজ মন্দিৰত সবে প্ৰবেশি বহিলা॥
ব্ৰহ্ম বৈবৰ্ত্তৰ স্তব মহাপুৰাণৰ।
নাৰায়ণ নাৰদ সম্বাদ মনোহৰ॥

দেৱকৃত স্তব ইতো শ্ৰীকৃষ্ণ খণ্ডৰ।
শ্ৰীকৃষ্ণৰ স্তোত্ৰ নাম অতি মনোহৰ॥
নাৰায়ণ বদতি নাৰদ ব্ৰহ্মা সূত।
কহো শুনা কৃষ্ণ জন্ম অতি অদভুত॥

সপ্তম মূহুৰ্ত যেবে এহি মতে গৈল।
অষ্টম মূহুৰ্ত্ত আসি উপস্থিত ভৈল॥
সেহি বেলা জল বৃষ্টি ভৈল নিৰন্তৰ।
নিশ্চেষ্টে পৰিয়া ৰৈল মথুৰা নগৰ।

ঘোৰ অন্ধকাৰ নিশা নেদেখি অপৰ।
মৰা যেন ভৈল চেষ্টা নাহি ৰক্ষকৰ॥
অতি শ্ৰেষ্ঠ ভৈল কাল বেদেৰো দুৰ্জ্জেয়।
শুভ গ্ৰহে লগ্ন দেখিলা অতিশয়॥