পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩০৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৬০
অসমীয়া সাহিত্যৰ চানেকি।

যি অশ্বক্ৰান্তত, লুইতৰ কোখত হিলৈ পাতি মাৰিছিল এড়ি ঘৰ সোমালগৈ। চাৰিঙ্গিয়া ফুকনক দপদৰত বন্দী কৈ থৈ গবাং ঘোড়াচোৱাত কৈ তৰে ঘোড়াৰে জনাই পঠালে। সাবধানে বড় ফুকনো দোপদৰত ৰাতি থাকিল। সেই ৰাতিয়েই নামডঙ্গিয়া ফুকন তামুলী সহিতে সেন্দুৰীঘোপাৰ বাটে পলাল। পাচে পুৱা হলত বড়ফুকনে শুনি মানুহ দি বিচৰাই চেঙ্গৰাই ফুকনকে নামডঙ্গিয়া ফুকনৰ পুতেককে আৰু যাক যেনেকৈ পালে ধৰি আনি দপদৰত বন্দীকৈ থলে নি। ৺দেৱৰ ঠাইত ঘোৰাচোৱায়ে জনালত, বড় ফুকনকে যাব দিলে, পদকীয়া বোৰকো নিব দিলে। পাচে বড় ফুকন কলিয়াবৰ পালিত গৈ ডাৰি চুলি দেখি ৰাজা প্ৰজা সকলে মৰম কৰিলে। পাচে পদকীয়া চাৰিঙ্গিয়া ফুকনকে চেঙ্গৰাই ফুকনকে নাম ডঙ্গিয়া ফুকনৰ পুতেককে ডুমুনী শিলাত তিনিওকো টঙ্গনিয়াই মাৰি ভুৰ বান্ধি শূলত বহাই উটাই পঠালে। নাওবৈচা হাজৰিকাক বলিমৰাক কাটি মূৰ শূলত দিলে। পাচে দীঘল বুঢ়াগোহাঞিক ভাঙ্গি মো গোহাঞিক বুঢ়া গোহাঞি পাতিলে। চাৰিঙ্গিয়া ফুকনৰ সলনি খনিকৰ ফুকন, পানিফুকনৰ সলনি বেলেগতিয়া ককায়েক, নিৰ্ম্মল ৰাজখোৱাৰ সলনি দুৱৰাৰ পুতেক এই বোৰক সলাই সৰাই ঘাটলৈ বিদাই দি মহাৰাজা গড়গাঞলৈ গল। নামডঙ্গিয়া ফুকন যি পলাইছিল ভড়লি চকিত পাই ধৰি নিলে। পাচে ৰজাহাটত টঙ্গনিয়াই মাৰি শূলত বহুৱাই থলে। হাজৰিকা বোকো কাটি মূৰ শূলত দি থলে। পানি ফুকনক নিৰ্ম্মল ৰাজখোৱাক ঘৰলৈ খেদিলে। পাচে ৰঙ্গা বৰাহীয়ে বঙ্গাল অনা গোচৰ দিলত পানিফুকনক আনি পুৰণিহাটত চেপি মাৰিলে। শক ১৬০৬। পাচে গড় গঞা সন্দিকৈ নেওগ ফুকনে ১৪ বৎসৰ থাকি স্বয়ং মৃত্যু হল। পাচত দুৱৰা ফুকনক বড়ফুকন পাতিলে। ৫ বৎসৰ থাকি স্বয়ং মৃত্যু হল। পচে দিহিঙ্গিয়া বড়বৰুৱাক বড়ফুকন পাতিলে। এক বৎসৰ থাকি গুৱাহাটীতে মৃত্যু হল।১৬২৫ শকত পাত্ৰ বড়বড়ুৱাক বড় ফুকন পাতিলে।