পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৪৭
ভবিষ্য-সংগ্ৰহ

এহি হেতু অজামিল লভিল সংসিদ্ধ॥
হৰি ভকতিৰ আগে কহিলোহোঁ বিধি॥
লম্পটা ভক্তিৰ আৰু ছয় উৰ্ম্মি আছে।
বেদৰ নিসিদ্ধ পাপ কৰ্ম্ম হন্তে সাঞ্চে॥

সেহি মতে চলে যিটো নৰ দুৰাশয়।
লভিবেক দুৰ্গম যে নৰক নিশ্চয়॥

ছবি।

পাৰ্ব্বতী বদতি স্বামা  আৰু প্ৰশ্ন কৰোঁ আমি
 ছেদিও আমাৰ সংশয়।
লম্পটাদি ভক্তি সব  কাতহন্তে ব্যক্ত হৈব
 কহিয়োক তুমি মহাশয়॥
শূলপাণি নিগদতি শুনিয়ো পাৰ্ব্বতী
 ব্যাসৰ ভকতি ধৰি নৰ।
বেকুণ্ঠক চলি যায় হেন দেখি যমৰায়
 মনকষ্ট কৰিলা বিস্তৰ॥
কি কৰিব বৈষ্ণৱক নডৰয় ত্ৰিদশক
 এহি বুলি কহিলা দূতত।
হেন শুনি দূতগণে বুলিলন্ত ক্ৰোদ্ধমনে
 আনিবো মনুষ্য আছে যত॥
এই বুলি প্ৰভু পাপ  বুলিয়া নুহিকে ভাল
 বৈষ্ণৱক মোৰ মনে ভয়।
নকৰিব মত্তগৰ্ব্ব পৰম বৈষ্ণৱ সব
 জানাহা বন্ধন নাহিকয়॥
এহিমতে কষ্টচিত হুয়া ভাৰ্য্যা সমন্নিত
 হৰিক চিন্তিলা যমৰায়।
হৃদয়ত থাকি হৰি তাঙ্ক অনুগ্ৰহ কৰি
 দেখাইলন্ত পৰম উপায়॥