পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৪৬
অসমীয়া সাহিত্যৰ চানেকি


শুনা নৰনাৰী পদ ভবিষ্য সংগ্ৰহ।
তেজিয়ে। সমস্ত লোক পাপত আগ্ৰহ॥
মাধৱৰ চৰণত ভজা অনুক্ষণ।
ধৰ্ম্মত থাকিয়া পাইবা বৈকুণ্ঠত থান॥

পুত্ৰ-দাৰা ধন-জন সব আকৰ্ষণ।
আলজাল মিছা সবে জানি সৰ্ব্বজন॥
নেৰা বেদ বিধি বিৰকতি নহে যাৱে।
বেদৰ নিসিদ্ধ কৰ্ম্ম নকৰিব তেবে॥

পাষণ্ড মনুষ্য সমে নকৰা আলাপ।
উপজিব ভকতি বিৰোধ মহাপাপ॥
এতেক জানিয়া শুদ্ধভাৱে ভজা হৰি।
বৈকুণ্ঠক যাই সবে সংসাৰ নিস্তৰি॥

ভণে কৃষ্ণাচাৰ্য্য দ্বিজ মহামূঢ় মতি।
বোলা হৰি হৰি সবে খণ্ডেক দুৰ্গতি॥
তাৰ কেত আছে ফল হৰি ভজনত।
কহিলোঁ ৰহস্য কথা তোমাৰ আগত॥

বেদৰ বিহিত ধৰ্ম্ম যিটো আচৰয়।
জ্ঞান শাস্ত্ৰ নিষিদ্ধ পাপক নৰহয়॥
হেনয় বিৰত হুয়া যদি ভজে হৰি।
সিয়ো অনুক্ৰমে সিদ্ধি পাইব নিষ্ট কৰি॥

ভাগ্য বশে নিবৃত্তিত মন ভৈলা যাৰ।
হৰিৰ ভজনে সংসিদ্ধি হৈৰ তাৰ॥
শুনিয়োক দেবী শঙ্কা নকৰা মমত।
কেনে অজামিলে নিবৃত্তিতে ভৈলা ৰত॥

সিয়ো পাপী নিস্তৰিলা নাৰাণয় বুলি।
তাহাৰ উত্তৰ শুনা সাৱধান কৰি॥
অজামিল ব্ৰাহ্মণ সে মৃত্যু সময়ত।
ছয় উৰ্ম্মি এৰি ভৈলা নিবৃত্তিত ৰত॥