পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯১
মহাভাৰত—ভীষ্ম পৰ্ব্ব।

তথাপি সমৰ নেৰে কিনো বিপৰ্য্যয়।
এহি বুলি দেৱগণ ভৈলন্ত বিস্ময়॥
পৰম আশ্চৰ্য্য ভীষ্ম যুজন্ত ৰামক।
ৰামে অল্পমান যুদ্ধ কৰন্ত ভীষ্মক॥

নযাইবো স্বৰ্গক চাই থাকিবোহো ৰঙ্গ।
কাৰ জয় হোৱে কাৰ হোৱে ৰণভঙ্গ॥
পৃথিবীৰ ৰাজাগণ যতেক আছিল।
বিস্ময়ক পায়া সবে চাহিয়া থাকিল॥

সমৰ দেখিতে যবে সবে চাই আছে।
শুনা যুধিষ্ঠিৰ যেন যুদ্ধ ভৈলা পাছে॥
অনন্তৰে মই শৰাসন নিবাৰিলোঁ।
তীক্ষ্ণ তীক্ষ্ণ বাণ চাই ধনুত যুড়িলোঁ॥

কতো শৰচয় দুই কাটো আকাশত।
কতো ধনু ধৰি তম্ভি থাকোঁহো ৰথত॥
কতো শৰজালে থওঁ ৰথক আবৰি।
মৰ্ম্ম মৰ্ম্ম থানে কতো হানো লক্ষ কৰি॥

যদি মই লক্ষেক প্ৰহাৰোঁ ধনু ধৰি।
অৰ্ব্বুদেক হানে ৰামে মহাকোপ কৰি॥
লঘু হস্তে দৃঢ় মুঠি বিদূৰ ভেদনে।
মহাতুল্য পৰাক্ৰম দেখে সৰ্ব্বজনে॥

জানা যুধিষ্ঠিৰ যুদ্ধ ৰামৰ লগত।
যতেক কৰিলোঁ তাক কহিবোহো কত॥
এহিমতে দুয়ো জনে প্ৰহাৰিলো শৰ।
সেহি সময়ত অস্ত ভৈলা দিবাকৰ॥

ৰথৰ নামিয়া মই সঙ্কোচিত মনে।
প্ৰণাম কৰিলোঁ গৈয়া গুৰুৰ চৰণে॥
বুলিলোঁ বচন গুৰু এৰাঁ অসন্তোষ।
যুজিলোঁ তোমাৰ বাক্যে নাহি কিছু দোষ॥