পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

গোপীনাথ পাঠক।

মহাভাৰত— পাশাপৰ্ব্ব

ঋষিয়ে বোলন্ত শুনা জন্মিজয়
 পাছে যেন ভৈল কায।
হস্তিনা পুৰক যাইবাক লাগিয়া
 সাজিলন্ত মহাৰাজ॥
সঙ্গে চাৰি ভাই মহেন্দ্ৰ পৰাই
 যতেক নৃপতিগণ।
হয় হস্তী ৰথে চড়ি অথেবেথে
 ৰাজাৰ ধৰি যোগান॥
কেহো ছত্ৰদণ্ড চামৰ ব্যজন
 কৰ্পূৰ তাম্বুল ধৰি।
ৰাজাক আবৰি চলে শাৰী শাৰী
 চতুৰ্ভিতি শোভাকৰি॥
দ্ৰৌপদি প্ৰমুখ্যে যতেক সুন্দৰী
 যত ৰাজ পটেশ্বৰী।
দিব্য বিমানত চড়ি চলি যাই
 দ্ৰৌপদীক মধ্য কৰি॥
দুন্দুভি আস্ফাল বাদ্যভণ্ড ৰোল
 বাজে কৰি সুমধুৰ।
জয় শঙ্খধ্বনি কাম্পয় মেদিনী
 কাম্পয় হস্তিনাপুৰ॥