পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭৩
মহাভাৰত—অশ্বমেধ পৰ্ব্ব।

স্বামীৰ লগতে মই যাওঁ সয়ন্তৰি।
ঘৰৰ বাহিৰ মই হৈবো কেন কৰি॥
স্বামীমাৰী বুলি লোকে নিন্দিব আমাক।
গোত্ৰ কুতুম্বত কেনমতে ৰাখো নাক॥

প্ৰভাৱতী কান্দয় নয়নে বহে লোহ।
মাৱ সনে কান্দয় সুধন্বা মোৰ পুহ॥
বহিনী কান্দয় মোৰ বান্ধৱ ভৈয়াই।
আনো প্ৰজাগুণে কান্দে সুধন্বাক চাই॥

সবে বোলে নৃপতিত কৰোহো গোচৰ।
আমি তেওঁৰ হন্তে মৰো জীউক কুমৰ॥
কান্দয় কাতয় প্ৰজা ধাকুৰয় হিয়া।
সুধন্বা মৰয় আমি কি কৰিবো জীয়া॥

হংসধ্বজ ৰাজা আৰু হংস পুৰোহিত।
সাতোৰয় কুমৰ দেখন্তে ভয় ভীত॥
ত্ৰাহি ত্ৰাহি গোবিন্দ সুমৰে নিৰন্তৰ।
ৰাধা কৃষ্ণ ৰাধা কৃষ্ণ প্ৰভু গদাধৰ॥

চতুৰ্গুণে কান্তি জ্বলে বদন মণ্ডল।
সূৰ্য্যৰ কিৰণে যেন প্ৰকাশে কমল॥
আপুনি ত্ৰৈলোক্য নাথে কৰিলেক দয়া।
তাহাতে লিখিত দ্বিজে দেখিলেক মায়া॥

হংসে বোলে মোৰ বাক্য শুনা মহাৰাজ।
তযু পুত্ৰে কুমন্ত্ৰণা কৰি আছে সাজ॥
তপত তৈলত দেখা শৰীৰ প্ৰকাশে।
আছোক মৰিব কটাক্ষত কৰি হাসে॥

উথল পাথল তৈল থৈলেক যে মাৰি।
তোমাৰ পুত্ৰৰ মায়া বুঝিতে নাপাৰি॥
উপায়েক জানোহো অনাওঁ নাৰিকল।
এক গোটা পেলাই পৰীক্ষা কৰো তেল॥