তিনি বৰ্গ সপ্তগুণ আৰু শৰ গুণ।
ইহাকে জানয় যিতো নৃপতি সজ্জন॥
সেহিতো পুৰুষ ব্যাঘ্ৰ ভুঞ্জিবে অবনী।
কহিলো তোমাত ইতো কথা মহামানী॥
স্বধৰ্ম্মে প্ৰজাক যিতো কৰে প্ৰতিপাল।
সেহি নৃপতিয়ে ৰাজ্য ভুঞ্জে চিৰকাল॥
প্ৰজা পালনত পৰে ধৰ্ম্ম নাহি আন।
অঙ্গিৰাৰ বাক্যে ৰজা লৈয়োক প্ৰমাণ॥
কৰ্ম্মে কাৰ্য্যে কৰি যিতো পালয় মেদিনী।
সেহি মতে ৰাজ্যৰ পালয় যত প্ৰাণী॥
সেহি নৃপতিৰ তপ ব্ৰত অনসন।
যজ্ঞ যজিবাৰ কিছু নাহি প্ৰয়োজন॥
প্ৰজাক পালনে সবে ধৰ্ম্ম সিদ্ধি পাই।
ইতো কথা তোমাসাত কহিলো বুজাই॥
শুনা সৰ্ব্বজন ইতো কথা ৰুচিকৰ।
শান্তিপৰ্ব্ব ৰাজ ধৰ্ম্ম পৰম সুন্দৰ॥
ভীষ্ম সম ভকত নাহিকে একোজন।
তেন্তে বীৰ শয়নত কৰিছে শয়ন॥
পহৰিয়া গণ দিয়া আছে যুধিষ্ঠিৰ।
হৃদয়ত কৃষ্ণক চিন্তন্ত বীৰবৰ॥
অন্ন জল এৰিলেক ভোগ মনুষ্যৰ।
হৃদয়ত দেখা দেন্ত প্ৰভু দামোদৰ॥
ব্ৰহ্মানন্দ সুখে মজি থাকে গঙ্গাসুত।
শৰীৰৰ যত দুখ নকৰে ইঙ্গিত॥
কৃষ্ণ যুধিষ্ঠিৰ ধনঞ্জয় বলী আৰ।
ভীমসেন সমে দুই মাদ্ৰীৰ কুমাৰ॥
এসম্বে সহিতে প্ৰতি দিনে যান্ত চলি।
ভীষ্মৰ চৰণে যাই কৰন্ত সেৱলি॥
কৃষ্ণে সমে মাটিত চৌপাশে থাকে বসি।
যুধিষ্ঠিৰে ৰাজ নিতি পোছন্ত হৰিষি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৯৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১৩
মহাভাৰত—শান্তিপৰ্ব্ব।