তৃণৰে নিৰ্ম্মিত যত থাকে গৃহগণ।
পঙ্ক আনি তাক ৰাজা কৰাইবে লেপন॥
গৃহে তৃণগণ আনি থৈয়া আছে যত।
বেলগাই থৈবে চৈত্ৰে অগ্নিৰ ভয়ত॥
যদি শত্ৰুভয় আসি হোৱে উপস্থিত।
দিবা নকৰিবা পাক ৰাত্ৰিসে উচিত॥
দিবসত বহ্নি ৰাজা সদা নিসেধিব।
হৱনৰ অগ্নি মাত্ৰ কেৱলে থাকিব॥
কমাৰ শালৰ অগ্নি ৰাখিব যতনে।
গৃহ অভ্যন্তৰে নথৈবেক একোজনে॥
দিবসত বহ্নিক জালয় যিতো প্ৰাণী।
তাক ধৰি নৃপতিয় দণ্ডিবেক আনি॥
ভিক্ষুক কুলাল উনুমত্ত দুষ্ট চিত্ত।
ৰাজগৃহে ইহাক নথৈবে কদাচিত॥
বাহিৰ কৰিয়া তাক নিবন্ধি থৈবেক।
জানা নৃপতিৰ দোষচয় গুচিবেক॥
বাহিৰত যিবা জন থাকিবে সম্প্ৰতি।
তীৰ্থে পঠাইবেক ৰাজা দেখয় যুগুতি॥
সভামধ্যে থাকিবাৰ দেখয় উচিত।
শয়ন স্থানক যাইবে হৱয় বিহিত॥
হেন বৰ্ণ চাই চাৰ লৈবেক নৃপতি।
সেহিতে ৰাজাক আবে নপাৱে দুৰ্গতি॥
নিৰ্ম্মিবেক ৰাজ পথ বহল কৰিয়া।
চল বুজি হাট পাট থৈবে নিয়োজিয়া॥
অৰ্থৰ ভাণ্ডৰে অগ্নি দুৰা গৃহগণ।
গৃহ কৰি প্ৰযত্নে ৰাখিবে যোদ্ধাগণ॥
অশ্বশাল গজশাল কৰাইবে যি থানে।
যেন তাসম্বাৰ বল বাঢ়ে অনুক্ষণে॥
পৰীক্ষা সকল বৃৰ্ত্তি কৰিব সততে।
সেতু সব নিয়োজিবে কৰি ভাল মতে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৯১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১০
অসমীয়া সাহিত্যৰ চানেকি।