পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯০৬
অসমীয়া সাহিত্যৰ চানেকি।

আপোন দেশত আৰু গৃহৰ মধ্যত।
কৰিৰে বিচাৰ আৰু শয্যা সমিপত॥
হেনসে প্ৰকাৰে চাৰ বিচাৰ কৰয়।
পৰচাৰগণ যিতে ৰাজা জ্ঞান হয়॥
সিতো নৃপতিৰ সুখ হৈবেক সম্প্ৰতি।
কহিলো সাৰাংশ ইতো জান মহামতি॥
চাৰ হীন ৰাজা যিতো থাকে কদাচিত।
মন্ত্ৰণা কৰিবে পাছে মন্ত্ৰীয়ে সহিত॥
বিপদ কালত যেন উপকাৰ পাই।
মিত্ৰতা কৰিব বলী নৃপতিৰ ঠাই॥
আজ্ঞা নিবাৰণে হীন নৃপতিৰ ঠাই।
হেনসে ৰাজাৰ জানা মিত্ৰ নুজুৱাই॥
দ্ৰব্য লভিবাৰ যাৰ উৎসাহ সম্প্ৰতি।
অতি গুণৱন্ত ধৰ্ম্ম জানে মহামতি॥
বেদ বেদাঙ্গত হৈব সদায়ে পাৰ্গত।
প্ৰজাগণ প্ৰতিপাল কৰে স্বধৰ্ম্মত॥
হেনসে ৰাজাৰ ঠাই হৈবে মিত্ৰৱতি।
তৰিবে হেলায়ে সিতো বিপদ দুৰ্গতি॥
পূৰ্ব্ব অপকাৰী জন থাকয় দেশত।
আপুনি উৎছন্ন ৰাজা মানিবে মনত॥
চলে বলে সিতো শত্ৰু মাৰিবে ৰাজাই।
সিতো নৃপতিৰ সৰ্ব্বকালে সুখে যাই॥
বলে বীৰ্য্যে হীন যিতো থাকয় নৃপতি।
উপায়ে গুচায়া ৰাজ্য লৈবেক সম্প্ৰতি॥
যিতো ৰাজা মন্ত্ৰীয়েৰে প্ৰিতি অনুক্ষণ।
উপায়েৰে দুইৰো ভেদ কৰিবে মন॥
আতি বুদ্ধিমন্ত যিতো নৃপতি হৈবেক।
ৰাজ্যক ইছায়ে সদা যুদ্ধ বৰ্জিবেক॥
সাম দান ভেদ আৰু তৃতয় উপায়ে।
অৰ্থ পৰিগ্ৰহ নৃপে কৰিবে স্বভাৱে॥