পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০৫
মহাভাৰত—শান্তিপৰ্ব্ব।

জিনিলেক সিতো জনে ইন্দ্ৰিয় নিশ্চয়।
শত্ৰুক জিনিবে সেহি ৰাজা শক্ত হয
থানে থানে দুৰ্গ পাতি কৰিবে ৰক্ষণ।
সদায়ে সঞ্চিত ৰাজ কৰিবেক ধন॥
আৰু কহো যুধিষ্ঠিৰ তোমাৰ আগত।
যেন যেন চাৰ ৰজা লৈবেক সঙ্গত॥
তাহাৰ লক্ষণ মই কৈবো প্ৰপঞ্চিয়া।
কুৰুৰ নন্দন আক শুনা মন দিয়া॥
পুৰুষৰ চিত্তক বুজিয়া ইঙ্গিততে।
শাস্ত্ৰ জ্ঞান তাহাত হৈৰেক ভাল মতে॥
ক্ষুধা তৃষ্ণা সৰ্ব্বক্ষণে সহিবে লাগয়।
বহুশ্ৰম পাইলে তাক শ্ৰম নোবোলয়॥
হেন চাৰগণ নিযোজিব থানে থানে।
নগৰে নগৰে বনে পুষ্পৰ উদ্যানে॥
দেশে দেশে গ্ৰামে গ্ৰামে ৰাজ অভ্যন্তৰে।
প্ৰযত্নে ফুৰিব চাৰগণ নিৰন্তৰে॥
চাৰ বুলি চিনিতে নপাৰে একোজন।
জড় অন্ধ বধিৰৰ ধৰিয়া লক্ষণ॥
মন্ত্ৰি সকলৰ গৃহে থাকিবে সদাই।
যত মিত্ৰ আছে তাৰ লৈব অভিপ্ৰাই॥
পুত্ৰৰ লগত চাৰ থাকিবে ৰহস্য।
সততে ভাৰ্য্যাৰ মন বুজিব অৱশ্যে॥
নৃপতিৰ বশ্য ৰাজা আছে যত যত।
তাৰ অভ্যন্তৰে চাৰ থাকিব সতত॥
যেন অন্য ৰাজাযে নজানে ভাল মতে।
এহিমতে তাৰ নিযোজিব বুদ্ধিমন্তে॥
পৰ জনে নিযোজিয়া থাকে যিতো চাৰ।
তাক জ্ঞান হৈব ৰাজা কৰিয়া বিচাৰ॥
বজাৰে সমাজে আৰু সন্যাসীৰ ঠাৱে।
উদ্যানৰ পণ্ডিতৰ সভাত স্বভাৱে॥