পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০৩
আনন্দ লহৰী।

বৈদিক দীক্ষাত বহু শ্ৰম  তান্ত্ৰিকী দীক্ষাৰে একে সম,
  এতেকে জানিবা সুলভ তন্ত্ৰৰ মত।
অল্প আয়াসতে প্ৰয়োজন  সিদ্ধি হৱে যিতো কৰে মন,
  সংশয় নাহিকো যাতো শিৱৰ চৰণত॥
অনন্ত আচাৰ্য্যে বোলে বাণী  মোক দায়া কৰি শিৱৰাণী,
  হৃদয়ত মোৰ নিবাস কৰা সততে।
গুৰুৰ চৰণে কৰি ৰতি   ভৱানী তাৰিণী উমা সতী,
  মৰি সৰ্ব্বজনে তান পদ পাইবা অন্তে॥


১১৪