পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯০২
অসমীয়া সাহিত্যৰ চানেকি।

অনিমাদি কৰি সিদ্ধি যত  তাহাৰ উপায় নানা মত,
  তন্ত্ৰ সকলত কহিছা কৰি গোপন।
কেনো তন্ত্ৰে আছে ধৰ্ম্ম যত  কোনো তন্ত্ৰে অৰ্থ নানা মত,
  কতো খানে কৱে কামৰ নানা সাধন॥
মোক্ষৰ সাধন আছে যত  কেনো কোনো খানে নানা মত,
  হেন দেখি তুষ্ট নভৈল শম্ভুৰ মন।
কলিকালে যত লোক চয়  বহু শাস্ত্ৰ চাইতে কৰি ভয়,
  অনৰ্থ কৰিব নাজানি কোনো সাধন॥
ইহেতু স্বতন্ত্ৰ তন্ত্ৰ নাম  যত ধৰ্ম্ম অৰ্থ মোক্ষ কাম,
  তাকে পৃথিবীক আনিলা তোমাৰ পতি।
সেহি সে তোমাৰ নিজ তন্ত্ৰ  তাতে আছে নানা যন্ত্ৰ তন্ত্ৰ,
  তাৰে সে মন্ত্ৰক উদ্ধাৰো তযু সম্প্ৰতি॥
শিৱ শক্তি কাম বসুমতী  লজ্জাৰ বিশশি ৰতিপতি,
  শিৱ শত্ৰু সমে হৃল্লেখা পাচত তাৰ।
পৰামাৰ শত্ৰু তাত পৰে  হৃল্লেখান্ত কৰি মহেশ্বৰে,
  ইতো গুপ্ত মন্ত্ৰ উদ্ধাৰিলা তোমৰাৰ॥
এহি মন্ত্ৰে যত বৰ্ণ সব  তোমাৰ নামৰ অবয়ব,
  আকে লোপামুদ্ৰা বিদ্যা বোলে সৰ্ব্বজনে।
তান্ত্ৰিক পণ্ডিতে আৰ অৰ্থ  পাইবে অপ্ৰয়াসে নহে ব্যৰ্থ,
  তেসম্বে নকৈবা ভক্তত অকাৰণে॥
ইতো বিদ্যা যিতো নৰবৰে  নিষ্কাম কৰিয়া জপকৰে,
  তাতে চতুৰ্ব্বৰ্গ মিলে তাৰ কৰতলে।
যিতো এহি বিদ্যা উপাসন্ত  পঞ্চাঙ্গ বিধানে ভক্তিমন্ত,
  তাহাৰ মহিমা কি কইবে ধৰণী তলে॥
এহি জানি নৰলোকচয়  এৰিয়োক যত বৌধনয়,
  তন্ত্ৰ মন্ত্ৰ বিনে নাপাইবা কলিত গতি।
তন্ত্ৰ শাস্ত্ৰ পঢ়ি মহাসুখে  উপদেশ লভি গুৰু মুখে,
  ইষ্ট দেৱতাৰ চৰণে কৰা ভকতি॥