পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯০১
আনন্দ লহৰী।

প্ৰথমতে তিনি কোণ নিৰ্ম্মিয়া সুঠান।
তাত পৰে আঠ কোণ কৰিলা নিৰ্ম্মাণ॥
দশ দশ কৰি কুড়ি কোণ তাত পৰে।
পাছে চৌধ কোণ আৰু নিৰ্ম্মিলা ঈশ্বৰে॥
আত পৰে তিনি বৃত্ত বলয় আকাৰ।
চতুৰস্ৰ তিনি কোণি নিৰ্ম্মিলা চাৰি দ্বাৰ॥
যাৱে ত্ৰিংশ ত্ৰয়োদশ চুক হৱে ঘৰে।
সেহি মতে তযু গৃহ ৰচিলা শঙ্কৰে॥
উৰ্দ্ধ মুখ তিনি কোণ যিতো চাৰি গোট।
শ্ৰীকণ্ঠ চাৰিৰো নাম নহে অতি ছোট॥
অধো মুখ পাঞ্চ যিতো ত্ৰিকোণ তাহাত।
শক্তি হেন বুলি তাক জগতে প্ৰখ্যাত॥
তাত পৰে অষ্ট দল পদ্ম চমৎকাৰ।
আৰো নিৰমিলা পদ্ম সোহ্ণ পত্ৰ যাৰ।
এহি মতে প্ৰকাশে তোহ্মাৰ গৃহ খান।
হীৰা মণি মাণিক ৰচিত থানে থান॥
তাহাৰ মধ্যত বিশ্বৰূপে সদাশিৱ।
আসন হৈইলা তযু জগতৰ জীৱ॥
তাহাতে চড়িয়া থাকা ৰাজৰাজেশ্বৰী।
এতেকে নাহিকে আন তযু সৰি বৰি॥
তোমাৰ সমান দেবী ব্ৰহ্মাণ্ড ভিতৰে।
উপমা দিবাৰ ঠাই নথৈলা ঈশ্বৰে॥
ইহেতু ব্ৰহ্মাক আদি কৰি কবিগণে।
তোমাৰ উপমা কৈতো নেদৈ কোনোক্ষণে॥

 

তন্ত্ৰ তত্ত্বক অনুসৰি  তযু মন্ত্ৰ কৈবে যত্ন কৰি,
  প্ৰথমতে কহো মহিমা তন্ত্ৰ শাস্ত্ৰৰ।
চতুঃষষ্টি তন্ত্ৰ আগে কৰি  তযু বাক্যে মদনৰ অৰি,
  বশ কৰি থৈলা যত লোক নিৰন্তৰ॥