কৈলাস পৰ্ব্বত হেন দেখিতে সুঠান।
হীৰা মণি মৰকে ৰচিত থানে থান॥
তাত ভণ্ডাগাৰ কৰি আছে যত যত।
স্বৰ্ণ ৰূপ তাম্ৰ কাংসে পূৰ্ণ স্বৰূপত॥
কতো সব পূৰি আছে দেবাঙ্গ বসনে।
কতো সব নানা মণি মাণিক ৰতনে॥
কতো সব গন্ধ দ্ৰব্য আছে পূৰ্ণ কৰি।
কতে থান নানা অস্ত্ৰে শস্ত্ৰে আছে ভৰি॥
শাৰী শাৰী নাৰীকল জাম পনিয়াল।
ৰম্ভা তাল আম গুৱা নাৰঙ্গ কঠাল॥
আন নানা বৃক্ষ আছে নানা পুষ্পচয়।
নাম কহি কোনে তাক কৰিবে নিশ্চয়॥
সৰোবৰ বাপী কুপ দীৰ্ঘিকা তাহাত।
জলে পৰিপূৰ্ণ হৈয়া আছন্ত সাক্ষাত॥
কমল সকল তাত আছে পুষ্পে ভৰি।
তাতে মধু লোভে ক্ৰীড়ে ভ্ৰমৰ ভ্ৰমৰী॥
চৌপন্থে আলি কৰি আছে মনোহৰ।
আতি চিত্ৰ দেখি ৰক্ত বৰ্ণ পাষাণৰ॥
তাহাৰ কাষৰে নগৰীয়া লোক যত।
জাতি ভেদে পাতি আছা কৰি নানা মত॥
নানা চিত্ৰ গৃহ সব সকলে প্ৰজাৰ।
তাক দেখি সন্তোষ নাপাইবে কোনে আৰ॥
সেহি সে নগৰী জানা দুতি অম্ৰাৱতী।
তাতে শিৱসিংহ ভৈলা দুতি সুৰপতি॥
ৰূপে কন্দৰ্পৰ সম দানে বলি ৰাই।
ক্ষমাত ধৰণী সম ক্ৰোধে ৰুদ্ৰপ্ৰাই॥
পৰাক্ৰমে দেখি যেন দাশৰথি ৰাম।
ধৰ্ম্মে ধৰ্ম্ম সুত যুধিষ্ঠিৰৰ উপাম॥
জ্ঞানত বিদুৰ সম বোলে সৰ্ব্বজনে।
গৰিমাৰ সমুদ্ৰত সম মোৰ মনে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৭৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯৪
অসমীয়া সাহিত্যৰ চানেকি।