অনন্ত আচাৰ্য্য।
আত্ম পৰিচয়।
সৌমাৰ পীঠৰ সম পীঠ নাহি আন।
সততে থাক যাত ভৱাণী ঈশান॥
সেহি পীঠ মধ্যে আছে পুৰী নানা খান।
কেহো নোহে ৰঙ্গপুৰ নগৰী সমান।
যিতো ৰঙ্গপুৰত সাক্ষাতে ভগৱতী।
দুৰ্গা ৰূপে আছা ৰাখি ৰাজাক সম্প্ৰতি॥
দুৰ্গাৰ লগত থাকি সেহি দেৱগণ।
শিৱ লম্বোদৰ সূৰ্য্য লক্ষীৰ ৰমণ॥
এহি দেৱ সকলে স্বকীয় অস্ত্ৰধৰি।
দুই নৃপতিক ৰক্ষা কৰে যত্নকৰি॥
বশিষ্ঠ জাহ্নবী যিতো পুৰীৰ উত্তৰে।
জল দুৰ্গ ৰূপে বহি থাকে নিৰন্তৰে॥
পশ্চিমতো নামডাঙ্ক জলৰ গহন।
সৰ্ব্ব কালে বহে যাৰ নাহি বিৰামন॥
ডিম্বাবতী দক্ষিণতো বৱৈ পূৰ্ব্বভাগে।
এহি জল গঢ় বিধি স্ৰজি আছা আগে॥
আৰু চাৰি গোটা দুৰ্গ আছে মৃত্তিকাৰ।
মৈনাক পৰ্ব্ব উঠে সমান যাহাৰ॥
তাহাৰ উপৰে কাষ্ঠ গঢ় আছে বান্ধি।
যাৰ কথা শুনি শত্ৰু মৰে কান্দি কান্দি॥
তাহাৰ ভিতৰে আছে ক্ৰমে গঢ়চয়।
কতো ইষ্টাকাৰ কতো কতো শিলাময়॥
তাহাৰ ভিতৰে পকি ঘৰ আছে যত।
কোন জনে লিখিয়া তাহাৰ পাইবে অন্ত॥